নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দেওবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাৰ ফলত নিহত হয় পাঁচজনকৈ লোক ৷ নিয়ন্ত্ৰণহীন এখন বলেৰ' বাহনে এজোপা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷
এক বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়ত এই ঘটনা সংঘটিত হয় ৷ বাহনখনত অন্য চাৰিজন লোকৰ সৈতে এজন আৰক্ষী জোৱানো আছিল বুলি জানিব পৰা গৈছে ৷