অসম

assam

ETV Bharat / bharat

COVID-19ৰ টেষ্টিং কিটৰ গুণগত মান অক্ষুণ্ণ ৰখাৰ পৰামৰ্শ চিকিৎসা বিশেষজ্ঞৰ - টেষ্টিং কিটক

সমগ্ৰ দেশতে কৰ'ণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ সময়তে COVID-19ৰ টেষ্টিং কিট সন্দৰ্ভত পৰামৰ্শ আগবঢ়াইছে চিকিৎসা বিশেষজ্ঞই। COVID-19ৰ টেষ্টিং কিটৰ গুণগত মান অক্ষুণ্ণ ৰখা,পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা আৰু নমুনা সঠিকভাৱে পৰীক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ চিকিৎসা বিশেষজ্ঞই পৰামৰ্শ আগবঢ়াইছে।

COVID-19ৰ টেষ্টিং কিটৰ গুণগত মান অক্ষুণ্ণ ৰখাৰ পৰামৰ্শ চিকিত্সা বিশেষজ্ঞৰ
COVID-19ৰ টেষ্টিং কিটৰ গুণগত মান অক্ষুণ্ণ ৰখাৰ পৰামৰ্শ চিকিত্সা বিশেষজ্ঞৰ

By

Published : Oct 12, 2020, 3:15 PM IST

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: COVID-19ৰ টেষ্টিং কিটক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে দেশৰ আগশাৰীৰ চিকিৎসা বিশেষজ্ঞই। গুণগত মান বৰ্তাই ৰাখি টেষ্টিং কিট ব্যৱহাৰ কৰিবলৈ উপদেশ দিছে। কেন্দ্ৰীয় চৰকাৰে টেষ্টিং কিটৰ মূল্য হ্ৰাস কৰিলেও নমুনা সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী যাতে উন্নত মানৰ হয়,তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত বুলি প্ৰকাশ কৰিছে। AIIMSৰ কমিউনিটী মেডিচিনৰ সহকাৰী অধ্যাপক হৰ্ষপাল আৰ শেল্ভে কয় যে, 'সঠিক পৰীক্ষণ সুনিশ্চিত কৰিবলৈ আৰু COVID-19ত আক্ৰান্ত ৰোগীৰ নমুনা পৃথক কৰাৰ সময়ত পৰীক্ষাগাৰ কৰ্তৃপক্ষৰ দায়িত্বশীল হোৱা প্ৰয়োজন, কিয়নো তেওঁলোকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। চৰকাৰে আৰ টি টেষ্টিং কিটৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। পি চি আৰ পৰীক্ষণ ৰাইজৰ হিতৰ বাবে আৰু স্বেচ্ছাই পৰীক্ষা কৰিবলৈ অহাসকলৰ ক্ষেত্ৰত কৰা হয়। ইয়াক বিশেষভাৱে ব্যক্তিগত পৰীক্ষাগাৰত আৰু হাস্পতালত পৰীক্ষণৰ বাবে গুণগত মানক লৈ অৱহেলা কৰা উচিত নহয়।'

স্বাস্থ্যকৰ্মীও ভাইৰাছৰ সংস্পৰ্শলৈ আহে আৰু সংক্ৰমণৰ আশংকা বৃদ্ধি হয়। সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহৃত সামগ্ৰীয়েও ভাইৰাছ কঢ়িয়াব পাৰে। COVID-19ৰ পৰীক্ষাৰ বাবে সংগৃহীত নমুনাৰ সঠিক সংৰক্ষণৰ বাবে গুণগত মান সম্পন্ন সামগ্ৰী ব্যৱহাৰ কৰা উচিত বুলি প্ৰকাশ কৰে ছাৰ গংগাৰাম হাস্পতালৰ ইণ্টাৰনেল মেডিচিনৰ সহকাৰী অধ্যাপক এছ পি ব্য'ত্ৰাই।

লগতে পঢ়ক:আজিৰে পৰাই সম্পূৰ্ণ উপস্থিতিৰে পূৰ্ণগতিত কাম কৰিব উচ্চতম ন্যায়ালয়ে

ABOUT THE AUTHOR

...view details