নতুন দিল্লী, 13 ফেব্ৰুৱাৰীঃ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে দেশজুৰি প্ৰতিবাদত নামিব ৷ ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত নামিব মহিলা কংগ্ৰেছ ৷ টুইটাৰত সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে এক টুইটৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷
উল্লেখ্য যে, ভাৰতীয় তেল নিগমে বুধবাৰে প্ৰতিটো 14.2 কেজি ৰন্ধন চিলিণ্ডাৰত 140 টকা বৃদ্ধি কৰিছিল ৷ ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সৰ্বভাৰতীয় মহিলা কংগ্ৰেছেৰ জেষ্ঠ নেতৃ তথা সংগঠনটোৰ সভানেত্ৰী সুস্মিতা দেৱে কয় যে, 2019 ৰ পৰা ষষ্ঠবাৰলৈ মূল্যবৃদ্ধিৰ চৰকাৰৰ এই সিদ্ধান্তই সাধাৰণ জনতাক মাধমাৰ সোধাব ৷ লগতে তেওঁ কয় যে, মূল্যবৃদ্ধিৰ এই সিদ্ধান্ত সম্পূৰ্ণ অনুচিত ৷ সেয়ে শীঘ্ৰেই ইয়াৰ বিৰুদ্ধে দেশ ব্যাপি গঢ়ি তুলিব প্ৰতিবাদ ৷