আদৰ্শ আৰু ইয়াৰ সফল ৰূপায়ণ-
- গান্ধীৰ আশ্ৰমৰ কেইবাজনো যুৱকে লণ্ডনত অধ্যয়নৰ বাবে দক্ষিণ আফ্ৰিকাৰ পৰা জলপানি লাভ কৰিছিল ৷ গান্ধীজীৰ জ্যেষ্ঠ পুত্ৰ হৰিলালেও লণ্ডনত পঢ়িবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল ৷ কিন্তু গান্ধীজীয়ে আশ্ৰমৰ অন্য যুৱকসকলক এই সুবিধা প্ৰদান কৰিছিল ৷ ইয়াৰ পাছতে হৰিলালে নিজ পিতৃৰ প্ৰতি গোটেই জীৱন আক্ৰোশৰ মনোভাৱ লৈ ফুৰিছিল ৷ কিন্তু গান্ধীৰ আদৰ্শ আছিল যে,তেওঁ কোনো কাৰণতে স্বজনপ্ৰীতি প্ৰদৰ্শন নকৰে ৷ ইয়াৰ জৰিয়তে তেওঁ কেৱল স্বজনপ্ৰীতি বিৰোধিতা কৰাই নহয়, ইয়াৰ ৰূপায়ণো কৰিছিল ৷
- দক্ষিণ আফ্ৰিকা আৰু ভাৰতবৰ্ষত সত্যাগ্ৰহৰ ক্ষেত্ৰত গান্ধীৰ আশ্ৰমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ এই আশ্ৰমে আন্দোলনকাৰী সকলক অনুপ্ৰাণিত কৰি তুলিছিল ৷ আশ্ৰমৰ লোকসকলে প্ৰতিটো উৎসৱ একেলগে পালন কৰিছিল ৷ গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বহুসংখ্যক মুছলমান ধৰ্মৰ লোকে সত্যাগ্ৰহত যোগদান কৰিছিল ৷ ইয়াৰ এক উদাহৰণ আছিল খান আব্দুল গফ্ফৰ খান ৷
- গান্ধীজীয়ে বাল্য বিবাহৰ বিৰোধিতা কৰি আহিছিল ৷ গান্ধীজীয়ে পৰ্দা প্ৰথা মানি চলা বহু মহিলাক মাতৃভাষাৰ বিকাশ আৰু ৰাষ্ট্ৰীয় আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰি তুলিছিল ৷ মাতৃভাষা আৰু ব্যক্তিগত বিকাশত গুৰুত্ব প্ৰদানৰ লক্ষ্যৰে তেওঁ এক নতুন শিক্ষা নীতিৰ ৰূপায়ণ কৰিছিল ৷ তেওঁৰ আশ্ৰমত সম-শিক্ষাৰ বাবে সকলোকে অনুপ্ৰাণিত কৰি তুলিছিল ৷
- ব্ৰহ্মচৰ্য আৰু আধুনিকতা সম্পৰ্কত গান্ধীজীয়ে মানুহৰ মাজত ভ্ৰান্ত ধাৰণা বিয়পাইছে বুলি বহুলোকে মন্তব্য কৰিছিল ৷ কিন্তু এইয়া সত্য নাছিল ৷ আশ্ৰমৰ ছাত্ৰ সকলক শিক্ষা দিবৰ বাবে তেওঁ বহু শিক্ষক পৰিয়ালক নিমন্ত্ৰণ জনাইছিল ৷ তেওঁলোকক এই ব্ৰহ্মচৰ্যৰ নীতিৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছিল ৷ ইয়াৰোপৰি,অত্যাধিক বেমাৰত আক্ৰান্ত জীৱ-জন্তুৰ ইচ্ছা মৃত্যুৰ বাবেও তেওঁ সন্মতি প্ৰদান কৰিছিল ৷ এইয়া এক যুগান্তকাৰী পদক্ষেপ আছিল ৷ মেছিনৰ জৰিয়তে গোলামৰ কাম কৰা লোকসকলৰ পৰিৱৰ্তে শাৰিৰীক পৰিশ্ৰমক উৎসাহিত কৰাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰি আহিছিল গান্ধীয়ে ৷ তেওঁ পুঁজিপতি শোষণৰ পৰিৱৰ্তে সহযোগিতামূলক অৰ্থনৈতিক সামাজিক ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰিছিল ৷
- আশ্ৰম হৈছে সকলোৰে সম্পত্তি ৷ যিকোনো লোকে ইয়ালৈ আহিবলৈ অনুমতি লাভ কৰাৰ লগতে বসবাস কৰাৰ সুবিধা লাভ কৰিছিল ৷ মীৰা বেহেন নামেৰে পৰিচিত হৈ পৰা এজন ব্ৰিটিছ সৈনিক বিষয়াৰ জীয়াৰী,মেডেলেইন শ্লেইডে গান্ধীজীৰ আশ্ৰমতে তেওঁৰ শিষ্য হিচাপে বসবাস কৰিছিল ৷ আশ্ৰমত সকলোৰে বাবে একেটাই ৰান্ধনী ঘৰ আছিল ৷ সকলোৱে সেই ৰান্ধনী ঘৰৰ পৰাই আহাৰ গ্ৰহণ কৰিছিল ৷ আশ্ৰমত ব্যক্তিগত বুলি কোনো সামগ্ৰীৰ ব্যৱস্থা নাছিল ৷ তেওঁ নিজ নিজ কুলৰ মাজৰ বিবাহক সমৰ্থন আগবঢ়াইছিল ৷ তেওঁ এনেধৰণৰ বিবাহতহে উপস্থিত থকাৰ উদাহৰণো আছিল ৷ গান্ধীজীয়ে সাতটাকৈ অপৰাধৰ কথা উল্লেখ কৰিছিল-আদৰ্শবিহীন ৰাজনীতি,উদ্যোগবিহীন সম্পত্তি,বুদ্ধিমত্তাবিহীন উলাহ,চৰিত্ৰহীন জ্ঞান, নৈতিক আদৰ্শবিহীন ব্যৱসায়,মানৱতাহীন বৈজ্ঞানিক জ্ঞান আৰু ত্যাগহীন পূজা-অৰ্চনা ৷ তেওঁ ডাঙৰ পদবী গ্ৰহণৰ পৰিৱৰ্তে ত্যাগৰ জৰিয়তে জীৱন-নিৰ্বাহ কৰিব বিচাৰিছিল ৷
- আজিৰ সমাজত প্ৰতিটো পদক্ষেপতে আমি কেৱল সীমাহীন স্বাৰ্থপৰতা,অহিংসা,অনিয়ন্ত্ৰিত দম্ভালি,মানুহৰ মাজত অতিমাত্ৰা প্ৰতিযোগিতা,পদবীৰ লোভ,সম্পত্তিৰ লোভ,সমাজৰ দুৰ্বল শ্ৰেণী,মহিলাৰ ওপৰত অত্যাচাৰ আদি লাভ কৰি আহিছো ৷ আধুনিক অৰ্ন্তকেন্দ্ৰিক সমাজত গান্ধীজী সমাজ পৰিৱৰ্তনৰ আদৰ্শৰে পৰিপুষ্ট এক অৱতাৰ হিচাপে জীয়াই আছে ৷ সৰলতা,অহিংসা,বিনা শোষণেৰে সেৱা,দেশৰ বাবে কৰ্তব্যপৰায়ণতা, ত্যাগৰ বাবে অত্যুৎসাহ আৰু মানৱতাৰ সুউচ্চ নীতি আদিৰে জীৱন নিৰ্বাহ কৰা গান্ধীজীৰ আশ্ৰম আমাৰ সকলোৰে বাবে এক আদৰ্শ ৷