অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰ বানঃ আকোলা জিলাত দুজনৰ মৃত্যু - দৰমহা দান

মহাৰাষ্ট্ৰত কালৰূপ ধাৰন কৰিছে বানে ৷ ইতিমধ্যেই ৰাজ্যখনত সেনাৰ লগতে এনডিআৰএফ বাহিনীয়ে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷

মহাৰাষ্ট্ৰ বানঃ আকোলা জিলাত দুজনৰ মৃত্যু

By

Published : Aug 10, 2019, 3:38 PM IST

নিউজ ডেস্ক, 10 আগষ্টঃ মহাৰাষ্ট্ৰত বানে সংহাৰী ৰূপ ধাৰন কৰিছে ৷ ৰাজ্যখনৰ আকোলা জিলাত বানৰ কবলত পৰি মৃত্যু হয় দুগৰাকী লোকক ৷ জিলাখনৰ পাহাৰা নদীত পৰি মৃত্যু হয় মহেন্দ্ৰ ৰামাকৃষ্ণ ৱাংখেড়ে আৰু বিদ্ৰুপা নদীত পৰি মৃত্যু হয় বালাকৃষ্ণা গাভাৰগুৰু নামৰ লোকদুজনৰ ৷

মহাৰাষ্ট্ৰ বানঃ আকোলা জিলাত দুজনৰ মৃত্যু
উদ্ধাৰকাৰ্যত ব্যস্ত নৌ-সেনা, এনডিআৰএফ

বানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ এনডিআৰএফ আৰু ভাৰতীয় নৌ-সেনাৰ উদ্ধাৰকাৰী দল নিয়োজিত হৈ আছে ৷ কোলহাপুৰ জিলাত নৌ-সেনাৰ 14টা অভিযানকাৰী দলে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷

বান সাহাৰ্য্য় পূঁজিলৈ এদিনৰ দৰমহা

ৰাজ্যখনৰ সকলো কংগ্ৰেছী বিধায়ক আৰু সাংসদে বান সাহাৰ্য্য পূঁজিলৈ নিজৰ এমাহৰ দৰমহা দান কৰাৰ কথা ঘোষনা কৰিছে ৷

ABOUT THE AUTHOR

...view details