অসম

assam

ETV Bharat / bharat

সেউজগৃহৰ তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সমগ্ৰ বিশ্ব শংকিত হৈ থকাৰ সময়তে ইউ এছ গ্ৰীণ বিল্ডিঙ কাউন্সিলৰ অভিনৱ প্ৰয়াস ৷ প্ৰকৃতিৰ সংৰক্ষণৰ উদ্দেশ্যে বিদ্যুতৰ সংৰক্ষণ কৰি অন্য প্ৰাকৃতিক উৎসৰে শক্তি উৎপাদন কৰা ঘৰসমূহ অৰ্থাৎ এলইইডিৰ পদ্ধতিৰে নিৰ্মাণ কৰা সেউজগৃহ সমূহ নিৰিখ কৰি তালিকা প্ৰস্তুত কৰে ইউ এছ গ্ৰীণ বিল্ডিং কাউন্সিলে ৷ ভাৰতত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা এই নিৰিখত দহখন ৰাজ্যৰ ভিতৰত তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ ৷

etv bharat

By

Published : Jun 19, 2019, 10:17 PM IST

মহাৰাষ্ট্ৰ, 19 জুন: ইউএছ গ্ৰীণ বিল্ডিঙ কাউন্সিল চমুকৈ এউ এছ জি বি চি ৰ সেউজগৃহৰ তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ । এলইইডি (লিডাৰশ্বিপ ইন এনাৰ্জী এণ্ড এনভাৰনমেন্টেল ডিজাইন) ত ভাৰতৰ দহখন ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে ৰাজ্যখনে । বৰ্তমান গোলকীয় উষ্ণতাৰ সমস্যাই জীৱকূলক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ সময়তে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃতিৰ ৰক্ষা কৰা চেষ্টা কৰি অহা হৈছে । সেউজগৃহও হৈছে গোলকীয় উষ্ণতা প্ৰসমনৰ তেনে এক পদক্ষেপ । মহাৰাষ্ট্ৰৰ পাচতে এলইইডি তালিকাত আছে ক্ৰমে কৰ্ণাটক, তামিল নাডু, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, দিল্লী, গুজৰাট, পশ্চিম বংগ আৰু ৰাজস্থান ৷

সেউজগৃহৰ তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ


উল্লেখ্য যে, ইউএছ গ্ৰীণ বিল্ডিঙ কাউন্সিলে বিশ্বৰ বিভিন্ন অঞ্চলত প্ৰত্যেক বছৰে সেউজগৃহৰ নিৰিখ অনুষ্ঠিত কৰে যদিও এই নিৰিখ ভাৰতত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে । এউ এছ জি বি চি ৰ দক্ষিণ আৰু মধ্য প্ৰাচ্য এছিয়াৰ জেনেৰেল মেনেজাৰ গোপালাকৃষ্ণন পদ্মনাভনে প্ৰকাশ কৰা অনুসৰি, সেউজগৃহ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত সবাতোকৈ শীৰ্ষত, আৰু বছৰ পাচত বছৰ ধৰি সেউজগৃহ বৃদ্ধি পাই থাকিব দেশখনত । সম্প্ৰতি, চৰকাৰৰ লগতে বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান তথা বেচৰকাৰী সংগঠনসমূহেও লিডাৰশ্বিপ ইন এনাৰ্জী এণ্ড এনভাৰনমেন্টেল ডিজাইনৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । বিদ্যুতৰ সংৰক্ষণ কৰি অন্য প্ৰাকৃতিক উৎসৰে শক্তি উৎপাদন কৰা হয় এনে ঘৰসমূহত ।

ABOUT THE AUTHOR

...view details