নিউজ ডেস্ক, 11 মে': দেওবাৰে মহাৰাষ্ট্ৰ চৰকাৰে সিন্ধান্ত লয় যে, যি সকল শ্ৰমিকে নিজৰ গৃহ ৰাজ্যলৈ যাব বিচাৰে অথচ তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নাই, তেনে লোকৰ পৰিবহণ ব্যয় বহন কৰিব মহাৰাষ্ট্ৰ চৰকাৰে ।
এই সম্পৰ্কে চৰকাৰে ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰিছে । শ্ৰমিক সকলে এই সুবিধা ল'বলৈ নিকটৱৰ্তী আৰক্ষী চকীত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু প্ৰশাসনৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰিব লাগিব । এই দায়িত্ব জিলা দণ্ডাধীশে ল'ব ।