নিউজ ডেস্ক, 28 মে': মহাৰাষ্ট্ৰত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পায় অহা কৰ'ণা ভাইৰাছ আক্ৰান্ত লোকৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰোগীৰ বাবে বিছনাৰ অভাৱ পৰিলক্ষিত হৈছে । আনহাতে, আন চিকিৎসা সুবিধাৰো নাটনি হোৱা দেখা গৈছে । চিকিৎসাৰ বাবে ৰোগীয়ে 10 ঘণ্টাৰো অধিক অপেক্ষা কৰিব লগীয়া হোৱা বুলিও এক সূত্ৰত প্ৰকাশ পাইছে ।
মহাৰাষ্ট্ৰত ৰোগীৰ বাবে কমিছে বিছনা, দ্ৰুত হাৰত বাঢ়িছে ৰোগীৰ সংখ্যা - মহাৰাষ্ট্ৰত ৰোগীৰ বাবে কমিছে বিছনা, দ্ৰুত হাৰত বাঢ়িছে ৰোগীৰ সংখ্যা
প্ৰায় 53,000 ৰো অধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত । ইয়াৰ ফলত COVID-19 ৰোগীৰ বাবে পৰ্যাপ্ত বিছনাৰ অভাৱ হৈছে ৰাজ্যখনত । বিগত 10 দিনত প্ৰতিদিনে 1200 ৰ পৰা 1800 লৈ বৃদ্ধি পাই আহিছে আক্ৰান্তৰ সংখ্যা ।
বিগত 10 দিন ধৰি মহাৰাষ্ট্ৰত প্ৰতিদিনে 1200 ৰ পৰা 1800 লোকৰ দেহত নতুনকৈ সংক্ৰমণ পোৱা গৈছে কৰ'ণা ভাইৰাছ মহামাৰীৰ । এক তথ্য় মতে, 1961 হেল্পলাইন নম্বৰত এতিয়ালৈ পৌৰ নিগমে 72000 ফোন কল লাভ কৰিছে । তাৰ ভিতৰত 21,000 কলতেই বিছনা যোগানৰ বাবে অনুৰোধ কৰা হৈছে আৰু 11,000 কল এম্বুলেন্সৰ যোগানৰ বাবে আহিছে ।
কৰ'ণা ভাইৰাছ সংক্ৰমণৰ পাচত ৰাজ্য চৰকাৰে COVID-19 ৰোগীৰ বাবে কস্তুৰ্ব হাস্পতালকে ধৰি বহু হাস্পতাল সংৰক্ষণ কৰিছিল । প্ৰথমে 3,960 খন বিছনা কৰ'ণাত আক্ৰান্তৰ বাবে আৰু 5500 খন বিছনা আন ৰোগীৰ বাবে সংৰক্ষণ কৰা হৈছিল । কিন্ত বৃদ্ধি হৈ থকা আক্ৰান্তৰ সংখ্যাই বিছনাৰ নাটনি কৰিছে । ইপিনে ব্যক্তিগত খণ্ডৰ 80 শতাংশ বিছনাও COVID-19 ৰোগীৰ বাবে সংৰক্ষিত হ'ব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে