নেশ্যনেল ডেস্ক, 9 ছেপ্তেম্বৰ:অভিনেত্ৰী কংগনা ৰাণাৱটৰ সৈতে জড়িত বিবাদ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখক কোনো লোকে ফোনযোগে ভাবুকি প্ৰদান কৰিছে ৷ বুধবাৰে গৃহমন্ত্ৰী গৰাকীৰ লগত জড়িত এক সুত্ৰই জানিবলৈ দিয়ে এই কথা ৷
সুত্ৰটোৱে জনোৱা অনুসৰি, মঙলবাৰে দেশমুখলৈ সেই ফোনটো আহে হিমাচল প্ৰদেশৰ কোনো স্থানৰ এজন লোকৰ পৰা আৰু বুধবাৰে পুৱা প্ৰায় 6 বজাতো একে ঘটনাৰে পুনৰাবৃত্তি হয় ৷ বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷