নিউজ ডেস্ক, 18 নৱেম্বৰঃ মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ সোমবাৰে কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব এন চি নেতা শাৰদ পাৱাৰে ৷ সোমবাৰে বিয়লি 4 বজাত বৈঠকত বহিব দুয়োটা দলৰ নেতৃত্বই ৷ দেওবাৰে এন চি পিৰ নেতা শাৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত দলটোৰ কাৰ্যবাহী কমিটিৰ বৈঠকৰ পাচতেই এই কথা সদৰি কৰিছিল দলটোৰ মুখপাত্ৰ নৱাব মালিকে ৷
সোমবাৰে বৈঠকৰ পূৰ্বে এন চি পিৰ নেতা শাৰদ পাৱাৰে মন্তব্য কৰে যে, বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-এন চি পি আৰু বিজেপি-শিৱসেনাই একগোট হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ সেয়ে শিৱসেনাই নিজেই নিজৰ পথ বাছি লওক ৷