অসম

assam

ETV Bharat / bharat

৩ চীনা প্ৰকল্পৰ সৈতে চুক্তি স্বাক্ষৰ মহাৰাষ্ট্ৰ চৰকাৰৰ - ফোটোন আৰু পিএমআই ইলেক্ট্ৰ' মোবিলিটি

ভাৰত-চীন সীমান্তৰ বিকাশ আৰু ২০ গৰাকী ভাৰতীয় সেনাৰ শ্বহীদৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে মেগ্নেটিক মহাৰাষ্ট্ৰ ২.০ বৈঠকত চীনা কোম্পানীৰ সৈতে তিনিটা বিষয়ত চুক্তি স্বাক্ষৰ কৰে । প্ৰস্তাৱিত এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনত প্ৰায় ৫০০০ কোটি টকাৰ বিনিয়োগ হয় ।

৩ চীনা প্ৰকল্পৰ সৈতে চুক্তি স্বাক্ষৰ মহাৰাষ্ট্ৰ চৰকাৰৰ
৩ চীনা প্ৰকল্পৰ সৈতে চুক্তি স্বাক্ষৰ মহাৰাষ্ট্ৰ চৰকাৰৰ

By

Published : Jun 22, 2020, 8:29 PM IST

নেশ্যনেল ডেস্ক, ২২ জুন : মহাৰাষ্ট্ৰ চৰকাৰে কিছুদিন পূৰ্বে মেগ্নেটিক মহাৰাষ্ট্ৰ ২.০ বৈঠকত চীনা কোম্পানীৰ সৈতে তিনিটা প্ৰকল্পত চুক্তি স্বাক্ষৰ কৰে । প্ৰস্তাৱিত এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনত প্ৰায় ৫০০০ কোটি টকাৰ বিনিয়োগ হয় । ভাৰত-চীন সীমান্তৰ বিকাশ আৰু ২০ গৰাকী ভাৰতীয় সেনাৰ শ্বহীদৰ পূৰ্বে এই চুক্তি স্বাক্ষৰ কৰা হৈছিল । উদ্যোগ মন্ত্ৰী সুভাষ দেশাইয়ে সদৰি কৰে এই কথা ।

লগতে তেওঁ কয় যে, বিদেশ মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰক চীনা কোম্পানীৰ সৈতে অন্য চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধা আৰোপ কৰে । মহাৰাষ্ট্ৰ ২.০ বৈঠকত ৰাজ্য চৰকাৰে চীনৰ বৈশ্বিক কোম্পানীসমূহৰ সৈতে ১৬,০০০ কোটিৰো অধিক টকাৰ চুক্তিত স্বাক্ষৰ কৰে ।

৩ চীনা প্ৰকল্পৰ সৈতে চুক্তি স্বাক্ষৰ মহাৰাষ্ট্ৰ চৰকাৰৰ

পুণেৰ তালেগাঁৱত এটি অটোমোবাইল উৎপাদন ইউনিট স্থাপনৰ বাবে গ্ৰেট ৱাল মটৰ্চৰ সৈতে ৩,৭৭০ কোটি টকাৰ এমঅইউ, ফোটোন আৰু পিএমআই ইলেক্ট্ৰ' মোবিলিটিৰ সৈতে ১,০০০ কোটি টকাৰ অংশীদাৰিত্ব স্থাপন কৰে ।

ইয়াৰোপৰি, হেগ্লু ইঞ্জিনিয়েৰিঙে পুণেত দ্বিতীয় ইউনিটৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ বাবে ২৫০ কোটি টকাৰ প্ৰতিশ্ৰুতি দিয়ে । চীনৰ উপৰিও ৰাজ্যখনে আমেৰিকা, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু বিভিন্ন ঘৰুৱা সংস্থাৰ ডাঙৰ-ডাঙৰ কোম্পানীৰ সৈতে অন্য চুক্তিত স্বাক্ষৰ কৰে, য'ত সৰহ সংখ্যক প্ৰায়োগিক ক্ষমতাৰ মাত্ৰাই বিশেষভাৱে স্থান পাইছে ।

লগতে পঢ়ক : মুখ্য মাষ্টাৰ চাৰ্জেট হিচাপে মহিলাক নিয়োগ বায়ুসেনা বাহিনীৰ

ABOUT THE AUTHOR

...view details