নিউজ ডেস্ক, ৭ জানুৱাৰী: চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ নান্দেদস্থিত ভাৰত বায়'টেকে গোচৰ ৰুজু কৰে । চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই নান্দেদস্থিত CUTIS বায়'টেকৰ কোভিছীল্ড’ ট্ৰেডমাৰ্ক ব্য়ৱহাৰ কৰাক লৈ পুণেৰ এক বাণিজ্য়িক আদালতত গোচৰ ৰুজু কৰে । CUTIS বায়'টেকে ২০২০ চনৰ এপ্ৰিল মাহতে ’কোভিছীল্ড’ৰ ট্ৰেডমাৰ্ক পঞ্জীকৰণৰ বাবে আবেদন জনাইছিল । একে নামৰে ভালেমান প্ৰডাক্ট পূৰ্বেও প্ৰস্তুত কৰিছে কোম্পানীটোৱে । ’কোভিছীল্ড’ ট্ৰেডমাৰ্ক প্ৰস্তুতকৰণৰ বাবে ৩০ মে’ৰ পৰা ৩১ ডিচেম্বৰ ২০২০ চনলৈ ১৬ লাখ টকা খৰচ হোৱা বুলি জানিবলৈ দিয়ে CUTIS বায়'টেকে কোম্পানীটোৱে ।
CUTIS বায়'টেকে কৰা অভিযোগ অনুসৰি চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই কৰ'ণা প্ৰতিষেধকৰ বাবে ’কোভিছীল্ড’ৰ নাম ব্যৱহাৰ কৰিছিল । CUTIS এ ’কোভিছীল্ড’ৰ ট্ৰেডমাৰ্ক পঞ্জীকৰণৰ বাবে আবেদন কৰাৰ বহু পাচত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই উক্ত বৰ্ষৰ জুন মাহতহে আবেদন দাখিল কৰে । ইতিমধ্যে বহু কেইটা প্ৰতিষ্ঠানে তেওঁলোকৰ সামগ্ৰীবিধক অমান্য কৰাৰ অভিযোগ উল্লেখ কৰিছে ।
পূৰ্বে নান্দেদস্থিত স্থানীয় আদালতত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী সময়ত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই আপত্তি দৰ্শাই যে এইক্ষেত্ৰত স্থানীয় আদালতৰ কোনো ন্যায়িক অধিকাৰ নাই । যাৰফলস্বৰূপে পুণেৰ বাণিজ্য়িক আদালতত পুনৰ গোচৰ ৰুজু কৰা হয় ।