নেশ্যনেল ডেস্ক, 9 মে' : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই শনিবাৰে মুম্বাইত সেনা বাহিনী মোতায়েনৰ বাতৰি অস্বীকাৰ কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "2-3 দিনৰ পৰা এক উৰাবাতৰি প্ৰকাশ পাইছে যে, মুম্বাইত সেনা বাহিনী মোতায়েন কৰা হ'ব ৷ ইয়াত সেনা বাহিনী মোতায়েন কৰাৰ কোনো প্ৰয়োজন নাই ৷ এতিয়ালৈকে মই যি কৰিছো সকলো নাগৰিকক অৱগত কৰি কৰিছো ৷ আপোনালোকে নিয়মানুৱৰ্তিতা মানি চলিলে সেয়াই যথেষ্ট ৷ ইয়াত সেনাৰ প্ৰয়োজন নাই ৷"
মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়েও কয় যে, বৰ্তমানৰ পৰিস্থিতি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মুম্বাই আৰক্ষী পাৰদৰ্শী ৷ এনেধৰণৰ অৰ্থহীন উৰাবাতৰিত কোনেও বিশ্বাস কৰা উচিত নহয় ৷