অসম

assam

ETV Bharat / bharat

নাগপুৰৰ কাষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে কয়লা খনন - কয়লা খনন কাৰ্যৰ শুভাৰাম্ভ

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব থাকেৰেয়ে নাগপুৰৰ কাষত কয়লা খননৰ শুভাৰম্ভ কৰে । থাকেৰেয়ে শুভাৰম্ভ কৰি কয় যে,গুণগত মানৰ কয়লাই দেশৰ শক্তিৰ ক্ষেত্ৰত হোৱা নাটনি দূৰ কৰিব পাৰিব ।

নাগপুৰৰ কাষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে কয়লা খনন
নাগপুৰৰ কাষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে কয়লা খনন

By

Published : Jun 6, 2020, 7:12 PM IST

নিউজ ডেস্ক, 6 জুনঃ শনিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব থাকৰেয়ে নয়দাৰ কাষত আদাছা কয়লা খনিৰ পশ্চিমঘাটত থকা কয়লা ক্ষেত্ৰত কয়লা খনন কাৰ্যৰ শুভাৰম্ভ কৰে। ভিডিঅ' কনফাৰেন্স যোগে আৰম্ভ কৰে এই খনন কাৰ্য। মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত খননৰ সঠিক ব্যৱহাৰ কৰাৰ পোষকতা কৰে ।

উদ্বোধনৰ পাচত থাকৰেয়ে গুণগত উৎপাদনৰ বাবে গুৰুত্ব দি কয় যে,দেশত নাটনি হোৱা শক্তিৰ নাটনি পূৰণ কৰিব পাৰিব গুণগত কয়লাই । তেওঁ লগতে উল্লেখ কৰে যে,ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত কয়লা খনৰৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে কিন্তু বৰ্তমানেও ভাৰতে বিদেশৰ পৰা কয়লা ৰপ্তানি কৰিব লাগে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়লা খননৰ ক্ষেত্ৰত প্ৰকৃতিৰ সৈতে ভাৰসাম্য বজাই ৰাখি আগবঢ়িবলৈ আহ্বান জনায়। আদাছাই পশ্চিমৰ কয়লা খননত 334 কোটি টকা বিনিয়োগ কৰিছে,য'ৰ পৰা বাৰ্ষিক প্ৰায় 1.5 মিলিয়ন টন কয়লা উলিওৱা হ'ব । তাত প্ৰায় 550 গৰাকী লোক সংস্থাপিত হৈ আছে ।

উল্লেখ্য যে,পৰৱৰ্তীবৰ্ষত 14 খন কয়লা ক্ষেত্ৰত 11,500 কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে আৰু 13,000 লোকক সংস্থাপন প্ৰদান কৰাৰ লক্ষ লৈছে ।

লগতে চাওকঃ ধুবুৰীত চিকিৎসক,নাৰ্চ,চাফাইকৰ্মীসহ 11 গৰাকীক কোৱাৰেণ্টাইন

ABOUT THE AUTHOR

...view details