অসম

assam

By

Published : Sep 14, 2020, 5:55 AM IST

ETV Bharat / bharat

মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে ক’ভিড-19 ৰ বাবে বিশেষ পদক্ষেপ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে দেওবাৰে মোৰ পৰিয়াল-মোৰ দায়িত্ব(MY FAMILY-MY RESPONSIBILITY) শীৰ্ষক এক পদক্ষেপ আৰম্ভ কৰিছে ৷ এই প্ৰচাৰৰ জৰিয়তে বৃহনমুম্বাই মিউনিচিপাল কৰ্পৰেশ্বনে মনগৰখনৰ পৰিয়ালসমূহক সাক্ষাৎ কৰিব আৰু প্ৰয়োজন অনুসাৰে আৰ্থিক সাহাৰ্য আৰু দিহা পৰামৰ্শ প্ৰদান কৰিব ৷

Maharashtra CM announces 'My Family-My Responsibility' campaign to battle coronavirus
Maharashtra CM announces 'My Family-My Responsibility' campaign to battle coronavirus

নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ : মহাৰাষ্ট্ৰত ক্ৰামগতভাৱে বৃদ্ধি পাই থকা ক’ভিড-19 সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে দেওবাৰে MY FAMILY-MY RESPONSIBILITY শীৰ্ষক এক পদক্ষেপ আৰম্ভ কৰিছে ৷ এই প্ৰচাৰৰ জৰিয়তে বৃহনমুম্বাই মিউনিচিপাল কৰ্পৰেশ্বনে মহানগৰখনৰ পৰিয়ালসমূহক সাক্ষাৎ কৰিব আৰু প্ৰয়োজন অনুসাৰে আৰ্থিক সাহাৰ্য আৰু দিহা পৰামৰ্শ প্ৰদান কৰিব ৷

এক ত্ৰিকোণীয় পদ্ধতিৰ দ্বাৰা ব্যক্তি বিশেষ, পৰিয়াল আৰু নাগৰিক সংস্থাৰ দ্বাৰা প্ৰকাশিত জনজীৱন ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ পাৰ্যমানে সুৰক্ষিতভাৱে 2 মিটাৰ দূৰত্ব মানি চলা, নিয়মীয়াকৈ আৰু সঠিকভাৱে মাস্ক পৰিধান কৰা আৰু নিয়মানুসাৰে হাত ধোৱা আৰু চেনিটাইজ কৰাৰ বাবে টুইটাৰত আহ্বান জনোৱা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি শেহতীয়াকৈ মহাৰাষ্ট্ৰত 2,80,138 গৰাকী ৰোগী ক’ভিড-19ত আক্ৰান্ত হৈ আছে ৷ আনহাতে ইতিমধ্যে 7,28,512 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 29,115 গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে ৷

লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নতুন আঁচনি

ABOUT THE AUTHOR

...view details