নিউজ ডেস্ক, 27 ডিচেম্বৰ : মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী স্কোৱাড (এ টি এছ)এ শুকুৰবাৰে গেংগষ্টাৰ হৰিশ মাণ্ডভিকাৰক জেলৰ ভিতৰৰ পৰাই অপৰাধ আগবঢ়াই নিয়াত সহযোগ কৰাৰ অপৰাধত আৰ্থাৰ ৰোড কেন্দ্ৰীয় কাৰাগাৰৰ এজন আৰক্ষী জোৱানক আটক কৰে।
এক বিভাগীয় বিবৃতি অনুসৰি, আৰক্ষী জোৱানজনক উচ্চ সুৰক্ষা কক্ষত নিয়োগ কৰা হৈছিল আৰু মাণ্ডভিকাৰৰ হাতে লিখা টোকা জেলৰ পৰা তেওঁৰ সহায়কাৰীলৈ প্ৰেৰণ কৰি আহিছিল জোৱানজনে ।
"এ টি এছ-এ এটা ঘটনাৰ তদন্ত কৰি আছে ৷ য'ত ২০১৫ চনৰ এটা এ টি এছ গোচৰত এজন প্ৰধান সাক্ষীক ২০১৫ চনৰ ঘটনাৰ মূল অভিযুক্ত ছাজিদ ইলেক্ট্ৰিকৱালাৰ সপক্ষে আদালতত মিছা প্ৰমাণ দিয়াৰ বাবে ভাবুকি দিয়া হৈছিল" এ টি এছে কয়।
ইলেক্ট্ৰিকৱালাক 2015 চনৰ পৰাই আৰ্থাৰ ৰোড কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ 2020 চনৰ মাৰ্চ মাহত মাণ্ডবিকাৰকো মকোকা কাণ্ডত আৰ্থৰ ৰোড কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ তেতিয়াৰে পৰা ইলেক্ট্ৰিকৱালাক ৰখা কোঠালিৰে লাগি থকা কক্ষত উচ্চ সুৰক্ষাৰ মাজত মাণ্ডবিকাৰকো ৰখা হৈছিল ৷
জেলত থকা সমতে দুয়োৰে মাজত বন্ধুত্ব হয় ৷ মাণ্ডবিকাৰ আৰু ইলেক্ট্ৰিকৱালাই মিলি এক পৰিকল্পনা কৰে ৷ দুয়োৱে আদালতত চলি থকা গোচৰৰ সাক্ষীক ভাবুকি প্ৰদান কৰিবলৈ হাতে লিখা টোকা আৰক্ষী জোৱানজনৰ হতুৱাই সহযোগীলৈ প্ৰেৰণ কৰি আহিছিল ৷
এই ঘটনা পোহৰলৈ অহাৰ পাছতে শুকুৰবাৰে আৰক্ষী জোৱানজনক গ্ৰেপ্তাৰ কৰা হয় ৷ ইয়াৰ পাছতে শনিবাৰে 28 ডিচেম্বৰলৈকে জোৱানজনক মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী স্কোৱাডৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক : সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান