অসম

assam

ETV Bharat / bharat

দোলাত উঠি ধৰাৰ বুকুলৈ আগমন ঘটিল দুৰ্গতিনাশিনীৰ - শৰৎ

আজি শুভ মহালয়া ৷ আৰম্ভ হ'ল দুৰ্গোৎসৱৰ লগ্ন ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিল মৰ্তৰ আকাশ-বতাহ ৷

দুৰ্গতিনাশিনী
দুৰ্গতিনাশিনী

By

Published : Sep 17, 2020, 8:12 AM IST

নিউজ ডেস্ক, 17 ডেস্ক:ধৰাৰ বুকুলৈ শৰৎ নামিছে ৷ তাৰ লগে লগেই যেন ধৰাৰ বুকুলৈ নামি অহাৰ অপেক্ষা ওৰ পৰিল দুৰ্গতিনাশিনী দেৱীৰ ৷ দোলাত উঠি মৰ্তৰ বুকুলৈ নামি আহিল মহিষ মৰ্দিনী দেৱী দুৰ্গা ৷ আজি শুভ মহালয়া ৷ আৰম্ভ হ'ল দুৰ্গোৎসৱৰ লগ্ন ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিল মৰ্তৰ আকাশ-বতাহ ৷

আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত দুৰ্গোৎসৱ অব্যাহত থাকে । এই পক্ষটোক দেৱীপক্ষ নামেৰে জনা যায়। পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা দেৱীপক্ষৰ সূচনা হয়, যাক মহালয়া বুলিও জনা হয়।

পুৰাণৰ মতে, অসুৰ শক্তিৰ ওচৰত পৰাভূত দেৱতাসকল স্বর্গলোকচ্যুত হোৱাৰ পিচত চাৰিওফালে আৰম্ভ হয় অশুভ শক্তিৰ ৰাজত্ব। এই অশুভ শক্তি বিনাশ কৰিবলৈ একত্রিত হোৱা দেৱতাগণৰ তেজৰশ্মিৰ পৰা আৱির্ভাৱ হয় অসুৰনাশিনী দেৱী দুর্গাৰ । মহালয়াৰ সময়ত থকা ঘোৰ অমাৱস্যা দুর্গা দেৱীৰ তেজোদ্বীপ্ত আলোকত দূৰ হয় । তাৰ পাচতেই প্রতিষ্ঠা লাভ কৰে শুভশক্তিয়ে ।

চণ্ডীপাঠৰ যোগেৰে আহ্বান কৰা হয় মহিষ মৰ্দিনী দেৱীক ৷ চণ্ডীত সন্মিবিষ্ট হৈ আছে দেৱী দুৰ্গাৰ সৃষ্টিৰ বৰ্ণনা, দেৱী বন্দনা । শাৰদীয় দুৰ্গা পূজাৰ এটি গুৰুত্বপূৰ্ণ দিন অমাৱস্যা তিথিৰ এই মহালয়া

উল্লেখ্য যে, মহালয়াক লৈ ভিন্ন বিশ্বাস আমাৰ জনমানসত প্ৰচলিত হৈ আহিছে ৷ এইবাৰ দোলাত উঠি আগমন ঘটিছে দেৱী দুৰ্গাৰ ৷ লোক বিশ্বাস অনুসৰি, দোলাৰে দেৱীৰ আগমন ঘটিলে দেশত দুৰ্ভিক্ষ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিয়ে দেখা দিয়াৰ সম্ভাৱনা থাকে ৷ আনহাতে হাতীত উঠি গমন কৰিব শক্তিৰ অধিষ্ঠাত্ৰী দেৱী গৰাকীয়ে ৷ ইয়াৰ লগতো নিহিত হৈ আছে লোক বিশ্বাস ৷ হাতীত উঠি দেৱীৰ গমন হ'লে দেশ শস্য-শ্য়ামলা হৈ পৰাৰ লগতে, সকলো নেতিবাচক শক্তি পৰাভূত হয় বুলি যুগ যুগ ধৰি প্ৰবাদ চলি আহিছে ৷

লগতে পঢ়ক:আহিনৰ আঁচলত ধৰি ভুমুকি মাৰিছে শাৰদী ৰাণীয়ে

ABOUT THE AUTHOR

...view details