অসম

assam

পালঘৰত সংঘটিত ধৰ্ষণৰ ঘটনা

By

Published : Oct 25, 2020, 4:25 PM IST

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত 16 বৰ্ষীয় এগৰাকী কিশোৰীক ধৰ্ষণ কৰে এজন লোকে ৷ লোকজনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত এখন এজাহাৰ দাখিল কৰে নিৰ্যাতিতাই ৷

পালঘৰত সংঘটিত ধৰ্ষণৰ ঘটনা
পালঘৰত সংঘটিত ধৰ্ষণৰ ঘটনা

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ:দেওবাৰে এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত 16 বৰ্ষীয় এগৰাকী কিশোৰীক ধৰ্ষণ কৰে এজন লোকে ৷ খেতিপথাৰত গৰু চৰাবলৈ যোৱাৰ সময়তে কিশোৰী গৰাকীক ধৰ্ষণ কৰে লোকজনে ৷ বিষয়া গৰাকীয়ে জনোৱা মতে, কিশোৰী গৰাকীয়ে যেতিয়া গৰু চৰাবলৈ যায়, তেতিয়া লোকজনে জোপোহাৰ মাজলৈ টানি নি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ৷

নিৰ্যাতিতা গৰাকীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত শুকুৰবাৰে অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 376 নম্বৰত POCSO আইনৰ অধীনত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু বৰ্তমানলৈ আৰক্ষীয়ে কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:কলকাতাত 20 কোটি টাকাৰ মুল্যৰ হিৰ’ইন জব্দঃ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details