অসম

assam

নৱপত্ৰিকা অনুষ্ঠানেৰে আৰম্ভ মহিষমৰ্দিনীৰ সপ্তমী পূজা

By

Published : Oct 23, 2020, 9:03 AM IST

Updated : Oct 23, 2020, 9:34 AM IST

ষষ্ঠী তিথিত বোধন আমন্ত্ৰণ আৰু দেৱীক পূজাৰ বেদীত প্ৰতিষ্ঠা কৰাৰ পাচত আজি মহাসপ্তমী ৷ সূৰ্যোদয়ৰ লগে লগে নৱপত্ৰিকা অনুষ্ঠানেৰে আৰম্ভ হ'ল সপ্তমী পূজা ৷

মহিষমৰ্দিনীৰ সপ্তমী পূজা
মহিষমৰ্দিনীৰ সপ্তমী পূজা

নিউজ ডেস্ক, 23 অক্টোবৰ: বহু অপেক্ষাৰ অন্তত ধৰাৰ বুকুলৈ নামি আহিল মহিষমৰ্দিনী দেৱী দুৰ্গা ৷ ষষ্ঠী তিথিত বোধন আমন্ত্ৰণ আৰু দেৱীক পূজাৰ বেদীত প্ৰতিষ্ঠা কৰাৰ পাচত আজি মহাসপ্তমী ৷ মহাসপ্তমীৰ দিনটোকেই দুৰ্গা পূজাৰ প্ৰথমটেো দিন হিচাপে ধৰা হয় ৷

নৱপত্ৰিকা অনুষ্ঠানেৰে আৰম্ভ মহিষমৰ্দিনীৰ সপ্তমী পূজা

আহিন মাহৰ শুক্ল পক্ষৰ সম্পমীৰ দিনটোত পূজা কৰা হয় বাবেই সেই দিনটোক দুৰ্গা পূজাৰ মহাসপ্তমী বুলি কোৱা হয় ৷ সূৰ্যোদয়ৰ লগে লগে নৱপত্ৰিকা অনুষ্ঠানেৰে আৰম্ভ কৰা হয় সপ্তমী পূজা ৷ য'ত এজোপা কলগছৰ পুলিক দেৱী দুৰ্গা হিচাপে জ্ঞান কৰি পূজা কৰা হয় ৷ জনপ্ৰবাদ অনুসৰি,মহাসপ্তমীৰ দিনাই দেৱী দুৰ্গাই পৃথিৱীখনক মহিষাসুৰৰ দৰে অসুৰৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধ কৰে ৷

লগতে পঢ়ক:ক'ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মৰাণত আৰম্ভ হৈছে দুৰ্গা পূজা

Last Updated : Oct 23, 2020, 9:34 AM IST

ABOUT THE AUTHOR

...view details