নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ:ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ সুৰক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে টেলিফ'নিক বাৰ্তালাপত মিলিত হয় মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখ। সোমবাৰে ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হয় যে ৰাজ্যপাল ভগত সিং কোশ্বাৰীয়ে মহাৰাষ্ট্ৰ গৃহমন্ত্ৰণালয়ক গোস্বামীৰ পৰিয়াল বৰ্গই তেখেতক সাক্ষাৎ কৰাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ কয়।
উল্লেখ্য যে, এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নাইকৰ আত্মহত্যাৰে নাম সাঙুৰি খাইছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ। এই সন্দৰ্ভতে বিগত ৪ নৱেম্বৰত গোস্বামীৰ লগতে আন দুগৰাকী লোক ক্ৰমে ফিৰোজ শ্বেখ আৰু নিতিশ সাৰদাক ৰায়গড় জিলাৰ আলিয়া আৰক্ষীয়ে আটক কৰে।