অসম

assam

By

Published : Feb 18, 2020, 10:09 PM IST

ETV Bharat / bharat

প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে পুৰস্কাৰ প্ৰদান কৰিছে শিক্ষাৰ্থীক

মহাৰাষ্ট্ৰৰ বদনপুৰ চহৰৰ এক নাগৰিক সংস্থাই প্লাষ্টিকৰ আৱৰ্জনাৰ ভয়াৱহতাৰ বিষয়ে শিশুসকলক সজাগ আৰু শিক্ষিত কৰাৰ উদ্দেশ্যে 'Ghari Sathva, Shaalet Pathva’ নামেৰে এক অভিনৱ পন্থা গ্ৰহণ কৰে ৷ এই কাৰ্যক্ৰমত বহুতো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷

মহাৰাষ্ট্ৰ চৰকাৰে পুৰস্কাৰ প্ৰদান কৰিছে শিক্ষাৰ্থীক
মহাৰাষ্ট্ৰ চৰকাৰে পুৰস্কাৰ প্ৰদান কৰিছে শিক্ষাৰ্থীক

নেশ্যনেল ডেস্ক, 18 ফেব্ৰুৱাৰীঃপ্লাষ্টিক প্ৰদুষণক পৰিবেশৰ এক জটিল চিন্তা হিচাপে গণ্য কৰা হয় ৷ ৰাজ্য চৰকাৰে একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰত প্ৰতিবন্ধকতা লগাবলৈ পাৰ্যমানে চেষ্টা কৰি আহিছে ৷ লোকক প্লাষ্টিক ব্যৱহাৰত বাধা প্ৰদান কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে সেইসকল শিক্ষাৰ্থীক পুৰস্কৃত কৰিছে, যিসকলে বিদ্যালয়ত আৱৰ্জনা সংগ্ৰহ আৰু জমা কৰি আছে ৷

মহাৰাষ্ট্ৰৰ জালনা জিলাৰ বদনপুৰ চহৰৰ এক নাগৰিক সংস্থাই প্লাষ্টিকৰ আৱৰ্জনাৰ ভয়াৱহতাৰ বিষয়ে শিশুসকলক সজাগ আৰু শিক্ষিত কৰাৰ উদ্দেশ্যে'Ghari Sathva, Shaalet Pathva’নামেৰে এক অভিনৱ পন্থা গ্ৰহণ কৰে ৷ তদুপৰি এই উদ্যোগৰ লগতে বিদ্যালয়ৰ ছাত্ৰ সকলক প্লাষ্টিক ব্যৱহাৰ নকৰি পৰিৱেশ সুৰক্ষাৰ বাবে শিক্ষা প্ৰদান কৰে ৷ সেই হেতুকে ছাত্ৰসকলে ঘৰৰ পৰা সকলোবোৰ প্লাষ্টিকৰ সামগ্ৰী আনে আৰু বিদ্যালয়ত সেইবোৰ একত্ৰিত কৰে ৷ বিদ্যালয়সমূহে নিৰ্ধাৰণ কৰি দিয়া তাৰিখ অনুযায়ী বদনপুৰ পৌৰ নিগমে এক বাহনৰ জৰিয়তে সেই প্লাষ্টিকৰ আনৰ্জনা সমূহ সংগ্ৰহ কৰে ৷

এই কাৰ্যক্ৰমত বহুতো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷ সেইসকলৰ ভিতৰত প্ৰত্যেকেই মাত্ৰ চাৰি মাহৰ ভিতৰত 500 কুইন্টল প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰিছে ৷ বদনপুৰ পৌৰ নিগমৰ মুখ্য বিষয়া ড৹ পল্লৱী আম্ভোৰে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰে ৷

ছাত্ৰসকলৰ প্ৰয়াসক প্ৰেৰণা প্ৰদান কৰি বদনপুৰৰ আৰক্ষী বিষয়া খেড়েকাৰে তেওঁলোকক উৎসাহিত কৰিবলৈ অধ্যয়ন সামগ্ৰীৰ লগতে পুৰস্কাৰেৰে পুৰস্কৃত কৰে ৷

ABOUT THE AUTHOR

...view details