নেশ্বনেল ডেস্ক, 26 নৱেম্বৰঃ অৱশেষত শাসনৰ পৰা পদত্যাগ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ ৷ ৰাষ্ট্ৰপতি শাসনৰ পিচত গঠন হোৱা চৰকাৰৰ হঠাৎ পতন ঘটে মহাৰাষ্ট্ৰত ৷ আস্থাভোটলৈ এদিন বাকী থকা অৱস্থাতে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পিচতে পদত্যাগ কৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷ উল্লেখ্য যে, দেশৰ উচ্চতম ন্যায়ালয়ে 27 নৱেম্বৰত মহাৰাষ্ট্ৰত আস্থাভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ কিন্তু আস্থা ভোটলৈ এদিন বাকী থকা অৱস্থাতে আমাৰ হাতত সংখ্যাগৰিষ্ঠতা নাই বুলি উল্লেখ কৰি পদত্যাগ কৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷ কিছুসময়ৰ পিচতেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ফাড়নাভিজে ৷
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ - মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজ
ৰাষ্ট্ৰপতি শাসনৰ পিচতেই মহাৰাষ্ট্ৰত গঠন হোৱা চৰকাৰৰ পতন ৷ অৱশেষত পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷

দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ