অসম

assam

ETV Bharat / bharat

কৃষকৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বিশেষ ঘোষণা - দেৱেন্দ্ৰ ফাৰ্ণাৱিজ

কৃষকৰ বাবে 20 লাখ টকা পৰ্যন্ত ঋণ ক্ষমা কৰা হ'ব ৰাজ্যখনত ৷ বিধানসভাৰ শীতকালীন অধিৱেশনত এই ঘোষণা উল্লেখ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ৷

কৃষকৰ বাবে 20 লাখ টকা পৰ্যন্ত ঋণ ক্ষমা কৰা হ'ব মহাৰাষ্ট্ৰত
কৃষকৰ বাবে 20 লাখ টকা পৰ্যন্ত ঋণ ক্ষমা কৰা হ'ব মহাৰাষ্ট্ৰত

By

Published : Dec 21, 2019, 11:37 PM IST

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ:শনিবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ এক বিশেষ ঘোষণা ৷ কৃষকৰ বাবে 20 লাখটকা পৰ্যন্ত ঋণ ক্ষমা কৰা হ'ব ৰাজ্যখনত ৷ বিধানসভাৰ শীতকালীন অধিৱেশনত এই ঘোষণা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৷ ইয়াৰোপৰি যিসকল কৃষকে নিজৰ ঋণ সময়মতে পৰিশোধ কৰিব, সেইসকল কৃষকৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰা হ'ব ৷

ৰাজ্যখনৰবিত্তমন্ত্ৰী জয়ন্ত পাটিলেকয় যে, এই দাবী চৰ্তহীন হ'ব আৰু ইয়াৰ যথাযথ বিৱৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দিয়া হ'ব ৷ কিন্তু বিপক্ষ দলৰ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে কয় যে, চৰকাৰে পূৰ্ণ ঋণ ক্ষমাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷

ইয়াৰোপৰি তেওঁ কয় যে, শিৱসেনানেতৃত্বাধীন চৰকাৰে আবতৰীয়া বৰষুণৰ বাবে ক্ষতিগ্ৰস্ত কৃষকক প্ৰতি হেক্টৰ মাটিৰ বাবদ 25হাজাৰ টকাকৈ সাহাৰ্য প্ৰদানতো ব্যৰ্থ হৈছে ৷ যিটো মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে থাকৰেয়ে দিম বুলি দাবী জনাইছিল ৷

পৰৱৰ্তী সময়ত ফাড়নাবিছ তথা বিজেপিৰ অন্যান্য বিধায়ক সকলে ইয়াৰ বিৰোধিতা প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক: বিশিষ্ট কবি অনুপম কুমাৰৰ দেহাৱসান

ABOUT THE AUTHOR

...view details