অসম

assam

ETV Bharat / bharat

খহি পৰা অট্টালিকাৰ তলৰ পৰা 20 ঘণ্টাৰ অন্তত উদ্ধাৰ দেৱশিশু

মঙলবাৰে মহাৰাষ্ট্ৰ ৰায়গড়ৰ খহি পৰা অট্টালিকাৰ তলৰ পৰা উদ্ধাৰ এটি 4 বছৰীয়া শিশু ৷ 20 ঘণ্টাৰ অন্তত NDRF বাহিনীয়ে উদ্ধাৰ কৰে শিশুটো ৷ উদ্ধাৰ কৰা শিশুটো সম্পূৰ্ণৰূপে সুস্থ বুলি জানিবলৈ দিয়ে উদ্ধাৰকাৰী দলটোৱে ৷

ৰায়গড়
ৰায়গড় খহি পৰা অট্টালিকাৰ তলৰ পৰা 20 ঘণ্টাৰ অন্তত উদ্ধাৰ এটি দেৱশিশু

By

Published : Aug 25, 2020, 7:16 PM IST

নিউজ ডেস্ক, 25 আগষ্টঃ মহাৰাষ্ট্ৰৰ ৰায়গড়ত সোমবাৰে ভাঙি পৰে এটি পাঁচ মহলীয়া অট্টালিকা ৷ অট্টালিকাটো ভাঙি পৰাৰ 20 ঘণ্টাৰ অন্তত মঙলবাৰে NDRF বাহিনীয়ে জীৱন্তে উদ্ধাৰ কৰে এটি 4 বছৰীয়া শিশুক ৷ সোমবাৰে অট্টালিকাটো ভাঙি পৰাৰ পাচৰে পৰা উদ্ধাৰকাৰী দলে চলাই আছিল অভিযান ৷ এই অভিযানকালতে মঙলবাৰে উদ্ধাৰ কৰে দেৱশিশুটো ৷ আনহাতে, উদ্ধাৰ কৰা শিশুটো NDRF বাহিনীয়ে বৰ্তমান সুস্থ বুলি সদৰি কৰে যদিও স্বাস্থ্য পৰীক্ষাৰ বাবে এম্বুৱেঞ্চৰ সহায়ত হাস্পতালত ভৰ্তি কৰায় শিশুটোক ৷

ৰায়গড় খহি পৰা অট্টালিকাৰ তলৰ পৰা 20 ঘণ্টাৰ অন্তত উদ্ধাৰ এটি দেৱশিশু

মায়ানগৰী মুম্বাইৰ পৰা প্ৰায় 170 কিলোমিটাৰ দূৰত্বত থকা মহাদত সোমবাৰে সন্ধিয়া ভাঙি পৰে এটি পাঁচ মহলীয়া অট্টালিকা ৷ ইতিমধ্যে ক্ষতিগ্ৰস্থ এই অট্টালিকাটোৰ পৰা 9 গৰাকী লোকক উদ্ধাৰ কৰিছে বুলি সদৰি কৰে আৰক্ষীয়ে ৷ লগতে বৰ্তমানেও 18 গৰাকীকৈ ব্যক্তি সন্ধানহীন হৈ আছে আৰু সন্ধানহীন ব্যক্তিসকৰ উদ্ধাৰ অভিযান চলাই আছে বুলি সদৰি কৰে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ অনলাইন গেমৰ সৈতে জড়িত ভাৰতীয় শিক্ষাৰ্থীৰ বাবে সুখবৰ

ABOUT THE AUTHOR

...view details