মুম্বাই,14 ডিচেম্বৰঃমুম্বাইত থকা অসমীয়া সকল একত্ৰিত হৈ শনিবাৰে মুম্বাইৰ আজাদ মৈদানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ৷ "বিধেয়কখন সংসদত গৃহীত হোৱাৰ পিছত ৰূপান্তৰ হয় আইনলৈ ৷ অসমৰ এক পৃথক সংস্কৃতি আছে,এই ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে বাবে আমি বিৰোধিতা কৰিছো ৷ দ্বিতীয়তে,এই অধিনিয়মখন ভেদভাৱপূৰ্ণ আৰু অঞ্চলটোৰ বাবে বিপদজনক ৷ এইটো স্পষ্ট যে অঞ্চলটোৰ জনসংখ্যাৰ গাঠনি সলনি কৰি দিব ৷ " অভিনেত্ৰী দীপান্বিতা শৰ্মাই নাগৰিক সংশোধনী আইনৰ বিৰোধিতা কৰি ব্যক্ত কৰে এই কথা ৷ লগতে অন্য এগৰাকী প্ৰতিবাদকাৰীয়ে দাবী কৰে যে,এই আইনখনে অসমৰ সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব ৷
মুম্বাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা - নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা
শনিবাৰে মুম্বাইৰ আজাদ মৈদানত একেলগ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰবাসী অসমীয়াসকলে ৷
মুম্বাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা
উল্লেখ্য যে,এই নাগৰিকতা সংশোধন অধিনিয়মে ইছলাম ধৰ্মাৱলম্বীৰ বাহিৰে,পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা 2014চনৰ 31 ডিচেম্বৰলৈকে ভাৰতলৈ অহা শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিব ৷
Last Updated : Dec 14, 2019, 8:06 PM IST