অসম

assam

ETV Bharat / bharat

মানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ - মানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ

ডাঃ ৰাধেশ্যাম জিনাই নিজৰ পাঁচ সহকৰ্মীৰ সৈতে কাডিতুলাগুন্টি গাঁৱত পালচ্ পলিঅ' কাৰ্যসূচীৰ বাবে উপস্থিত হৈছিল ৷ সেই সময়তেই মহিলাগৰাকীৰ অৱস্থাৰ বিষয়ে অৱগত হোৱাত জিনা আৰু তেখেতৰ দলে মহিলাগৰাকীৰ সুকলমে সন্তান প্ৰসৱ কৰায় যদিও ইয়াৰ পিছতে মহিলাগাৰকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকৰ দলটোৱে এম্বুলেঞ্চক খৱৰ দিয়ে ৷ কিন্তু যাতায়াতৰ উপযুক্ত পথ নথকাত এম্বুলেঞ্চৰ চালকজনে অঞ্চলটোত উপস্থিত হ’ব নোৱাৰে ৷

Magnanimity of a doctor; carries pregnant women 30 kms on his shoulders
মানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ

By

Published : Jan 21, 2020, 10:38 PM IST

নেশ্বনেল ডেক্স, 21 জানুৱাৰীঃউৰিষ্যাৰ মাওবাদী অধ্যুসিত অঞ্চল মলকানগিৰি জিলাত এজন চিকিৎসকে দেখুৱাইছে মানৱতাৰ উৎসৃষ্ট নিদৰ্শন ৷ জিলাখনৰ এখন অতি দুৰ্গম অঞ্চলৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাক সাঙিত কঢ়িয়াই চিকিৎসালয়লৈ লৈ আহে ৷ এক সূত্ৰই জনোৱা অনুসৰি ডাঃ ৰাধেশ্যাম জিনাই নিজৰ পাঁচ সহকৰ্মীৰ সৈতে কাডিতুলাগুন্টি গাঁৱত পালচ্ পলিঅ' কাৰ্যসূচীৰ বাবে উপস্থিত হৈছিল ৷ সেই সময়তেই মহিলাগৰাকীৰ অৱস্থাৰ বিষয়ে অৱগত হোৱাত জিনা আৰু তেখেতৰ দলে মহিলাগৰাকীৰ সুকলমে সন্তান প্ৰসৱ কৰায় যদিও ইয়াৰ পিছতে মহিলাগাৰকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকৰ দলটোৱে এম্বুলেঞ্চক খৱৰ দিয়ে ৷

মানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ

কিন্তু যাতায়াতৰ উপযুক্ত পথ নথকাত এম্বুলেঞ্চৰ চালকজনে অঞ্চলটোত উপস্থিত হ’ব নোৱাৰে ৷ অৱশেষত চিকৎসক জিনা আৰু তেখেতৰ সহযোগীসকলে মহিলাগৰকীক সাঙিত কঢ়িয়াই 30 কিল’মিটাৰ নিলগত থকা কালিমেলা চিকিৎসালয়লৈ লৈ যায় ৷ সম্প্ৰতি মহিলাগৰকীৰ স্বাস্থৰ কিছু উন্নতি হোৱা বুলি জানিব দিয়ে ৷

লগতে পঢ়ক-ইৰাকৰ গ্ৰীণ জ'নস্থিত মাৰ্কিন দুতাবাসত ৰকেট আক্ৰমণ

ABOUT THE AUTHOR

...view details