অসম

assam

মাদ্ৰাছাই প্ৰজ্ঞা থাকুৰ, নাথুৰাম গদছেৰ জন্ম নিদিয়েঃ আজম খান

By

Published : Jun 12, 2019, 7:02 PM IST

Updated : Jun 12, 2019, 7:32 PM IST

প্ৰধানমন্ত্ৰী মোডীৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক সমালোচনা কৰিবলৈ গৈ কেতবোৰ বিস্ফোৰক মন্তব্যৰে খলকনি তুলিছে উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ জনপ্ৰিয় নেতা আজম খানে ৷

আজম খান

নিউজ ডেস্ক, 12 জুনঃ সমাজবাদী পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ এগৰাকী শক্তিশালী ৰাজনৈতিক আজম খানৰ বিতৰ্কিত মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ৰাষ্ট্ৰীয় শিক্ষানীতিত মাদ্ৰাছাৰ অন্তৰ্ভূক্তি সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰ্ষীয় নেতাগৰাকীয়ে ৷

ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি কয় যে, "মাদ্ৰাছাত নাথুৰাম গদছে নাইবা প্ৰজ্ঞা ঠাকুৰৰ দৰে মানুহক সৃষ্টি কৰা নহয় ৷ প্ৰথমে নাথুৰাম গদছেক গণতন্ত্ৰৰ শত্ৰু বুলি ঘোষণা কৰক, সন্ত্ৰাসৰ সৈতে জড়িতক বঁটা দিয়াৰ পৰা বিৰত থাকক ৷"

আজম খান

উল্লেখ্য যে, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী মুখটাৰ আব্বাছ নাকভীয়ে মঙলবাৰে ঘোষণা কৰিছিল যে, "সংখ্যালঘুসকলৰ বিশেষকৈ যুৱতীসকলৰ আৰ্থ-সামাজিক-শৈক্ষিক উন্নয়নৰ বাবে শিক্ষা-আত্মসংস্থাপন-সৱলীকৰণক লৈ প্ৰি-মেট্ৰিক, পোষ্ট-মেট্ৰিক আৰু মেৰিট-কাম-মিনছ বিষয়ত অহা পাঁচ বছৰত পাঁচ কোটি শিক্ষাৰ্থীক জলপানি দিয়া হ'ব ৷"

Last Updated : Jun 12, 2019, 7:32 PM IST

ABOUT THE AUTHOR

...view details