নিউজ ডেস্ক, ২৬ জুনঃ মধ্য প্ৰদেশৰ স্বাস্থ্য় মন্ত্ৰী নৰোত্তম মিশ্ৰাই বৃহস্পতিবাৰে পৰিদৰ্শন কৰে অৰবিন্দ হাস্পতালৰ মহামাৰী COVID-19ৰ চোৱা-চিতা কেন্দ্ৰ ।
আনহাতে, মন্ত্ৰী গৰাকীয়ে ইন্দোৰৰ COVID-19ৰ পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, যদি আমি দিল্লী আৰু মুম্বাইৰ লগত ইন্দোৰক তুলনা কৰো তেন্তে আমি প্ৰত্যক্ষ কৰিম যে বিভিন্ন ৰাজ্যৰ চৰকাৰ সমূহে কেনেদৰে কাম কৰে । মই কোনো বিজেপি চৰকাৰৰ প্ৰশংসা কৰা নাই তথা কোনো অন্য দলৰ সমালোচনাও কৰা নাই । কিন্তু যতেই বিজেপি চৰকাৰ আছে তাতেই COVID-19ৰ নিয়ন্ত্ৰণত আছে । এইটো সত্য যে দিল্লীত বিচনাৰ অভাৱ হৈছে, আইচিইউৰ বেছি যোগাৰ নাই আৰু দিল্লীৰ ৰোগীৰ সংখ্যাৰ তুলনাত বেছি পৰিমাণৰ ভেন্টিলেটৰ নাই ।
ইন্দোৰৰ COVID-19ৰ চোৱা-চিতা কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্য় মন্ত্ৰী নৰোত্তম মিশ্ৰাৰ লগতে স্বাস্থ্য় মন্ত্ৰী গৰাকীয়ে কয় যে, ''মুম্বাইতো COVID-19 নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে, ইন্দোৰত COVID-19ৰ পৰা আৰোগ্য হোৱাৰ সংখ্যা ৭৪ শতাংশ । মই ২৪ ঘণ্টাৰ ভিতৰত COVID-19 টেষ্টৰ ৰিজাল্ট দিবলৈ নিৰ্দেশ দিছো । তেতিয়াহে COVID-19 ত আক্ৰন্ত ৰোগীৰসকলে সঠিক সময়ত চিকিৎসা লাভ কৰিব । ভাৰতৰ তুলনাত মধ্য প্ৰদেশত COVID-19 ৰ পাৰ আৰোগ্য হোৱা সংখ্যা ৭৪ শতাংশ'' ।
লগতে মধ্য প্ৰদেশত বৰ্তমান ২,৫৭৪ গৰাকী COVID-19ত আক্ৰান্ত সক্ৰিয় ৰোগী থকাৰ উপৰিও ২০,০০০ খন বিছনা উপলব্ধ আছে । ইন্দোৰত এতিয়াও ৮০ শতাংশ বিছনা উপলব্ধ । এইতো কেৱল মই জনসাধৰণক এই বাবে কৈছো যে কেনেকৈ মহামাৰীৰ সৈতে যুঁজিব লাগে ।
লগতে পঢ়ক :ৰাজ্যত নেৰানেপেৰা বৰষুণ : দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ