অসম

assam

ETV Bharat / bharat

9 খন জিলাক কৰ'ণা মুক্ত ঘোষণা মধ্য প্ৰদেশ চৰকাৰৰ - মধ্য প্ৰদেশৰ 9 খন জিলাক কৰ'ণা মুক্ত বুলি ঘোষণা

মধ্য প্ৰদেশৰ 9 খন জিলাক কৰ'ণা মুক্ত বুলি ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । সেই জিলা কেইখন হৈছে, বাৰোৱানী, আগৰ-মালৱা, শ্বাৰজাহপুৰ, চেওপুৰ, আলিৰাজপুৰ, হাৰদা, ছাহদল, টিকামগড় আৰু বেতুল ।

9 খন জিলাক কৰ'ণা মুক্ত ঘোষণা কৰিলে মধ্য প্ৰদেশ চৰকাৰে
9 খন জিলাক কৰ'ণা মুক্ত ঘোষণা কৰিলে মধ্য প্ৰদেশ চৰকাৰে

By

Published : May 16, 2020, 2:12 PM IST

ভূপাল, 16 মে': মধ্য প্ৰদেশ চৰকাৰে 9 খন জিলাক কৰ'ণা মুক্ত ঘোষণা কৰিছে। এই জিলা কেইখনত পূৰ্বতে পোৱা গৈছিল COVID-19 ৰোগী ।

স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব মহম্মদ চুলেমানে এই কথা প্ৰকাশ কৰে । তেওঁ COVID-19 বুলি ঘোষণা কৰা জিলা কেইখনৰ নাম হৈছে বাৰোৱানী, আগৰ-মালৱা, শ্বাৰজাহপুৰ, চেওপুৰ, আলিৰাজপুৰ, হাৰদা, ছাহদল, টিকামগড় আৰু বেতুল ।

বিষয়া গৰাকীয়ে লগতে জনায় যে, ৰাজ্য খনৰ 8 খন জিলাত বৰ্তমানে COVID-19 ৰোগী পোৱা গৈছে ।

ৰাজ্য খন পৰীক্ষণ বৃদ্ধি কৰা বুলি তেওঁ জনোৱাৰ লগতে এতিয়ালৈ 93,849 টা পৰীক্ষণ সম্পন্ন হোৱা বুলি উল্লেখ কৰিছে । ৰাজ্য খনত মুঠ 4595 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছে । ৰাজ্যখনত 15 মে'লৈ 52 খন জিলাৰ ভিতৰত 44 খনত COVID-19 ৰোগী পোৱা গৈছে ।

ABOUT THE AUTHOR

...view details