নিউজ ডেস্ক, 1 জুনঃ হছাংগাবাদ জিলাত নৰ্মদা নৈত সোমবাৰে গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লয় একেটা পৰিয়ালৰ চাৰিজনকৈ লোকে । দুৰ্ঘটনাটোত মৃত্যু হোৱা কেইজনৰ ভিতৰত দুগৰাকী 10 আৰু 12 বছৰীয়া শিশু আছে । নিহত সকলক ৰাইপুৰৰ সিদ্ধি (10), বৈশালী (24), আয়ুস(19) আৰু অমিত গৌৰ (12) বুলি চিনাক্ত কৰিব পৰা গৈছে ।
স্থানীয় লোক সকলে ঘটনাৰ পাচতে স্থানীয় প্ৰশাসনক খবৰ দিয়ে । এঘন্টা পাচত উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ সমূহ উদ্ধাৰ কৰে ।