নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ :শেষকৃত্যৰ বাবে অপেক্ষাৰত এটি মৃতদেহ শৱগৃহতে পৰিণত হ'ল কঙ্কাললৈ ৷ মধ্যপ্ৰদেশৰ সৰ্ববৃহৎ চৰকাৰী হাস্পতাল মহাৰাজ য়শৱন্ত ৰাও হাস্পতালত পোহৰলৈ আহিছে এই আচৰিত ঘটনা ৷
শৱগৃহৰ এখন ষ্ট্ৰেচাৰত মৃতদেহটো কঙ্কাললৈ পৰিণত হয় ৷ দূৰ্গন্ধ ওলোৱাৰ পাচতো কোনোয়ে মৃতদেহৰ সৎকাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ বাবে এই ঘটনা সংঘটিত হয় ৷