অসম

assam

ETV Bharat / bharat

ভূপালৰ কোভিড-১৯ যোদ্ধা বিজয় আয়াৰৰ কথাৰে

মধ্য প্ৰদেশৰ ভূপাল চহৰৰ এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বিজয় আয়াৰে মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ত ভূপাল চহৰত বিনামূলীয়াকৈ চেনিটাইজাৰ প্ৰদান কৰাৰ লগতে চহৰখনৰ কণ্টেইনমেণ্ট জ'নৰ বহুকেইটা পৰিয়ালৰ ঘৰ চেনিটাইজ কৰে । 'কোভিড-১৯ যোদ্ধা' উপাধি পোৱা বিনোদে ভূপালবাসীৰ প্ৰশংসাৰ পত্ৰ হৈ পৰিছে ।

ভূপালৰ কোভিড-১৯ যোদ্ধা বিজয় আয়াৰৰ কথাৰে
ভূপালৰ কোভিড-১৯ যোদ্ধা বিজয় আয়াৰৰ কথাৰে

By

Published : Jun 12, 2020, 4:20 PM IST

নেশ্যনেল ডেস্ক, ১২ জুন: মধ্য প্ৰদেশৰ ভূপাল চহৰৰ এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ প্ৰশংসনীয় পদক্ষেপ । মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ত ভূপাল চহৰত বিনামূলীয়াকৈ চেনিটাইজাৰ প্ৰদান কৰি ভূপালবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰে বিজয় আয়াৰ নামৰ লোকজনে । ভূপালৰ জামালপুৰাৰ নিৱাসী বিজয় আয়াৰে সমগ্ৰ ভূপাল চহৰত বিশেষকৈ কণ্টেইনমেণ্ট জ'নত চেনিটাইজাৰ প্ৰদান কৰে ।

ভূপালৰ কোভিড-১৯ যোদ্ধা বিজয় আয়াৰৰ কথাৰে

মধ্য প্ৰদেশৰ বিভিন্ন অঞ্চললৈ অহা-যোৱা কৰা আয়াৰে বিদ্যুতৰ কাম কৰাৰ লগতে তেওঁ চকা মেৰামতিৰ দোকানো চলায় । তেওঁ কয় যে, দেউতাক আৰু ককাকৰ দৰে বিজয় আয়াৰেও ভাৰতীয় সেনা বিভাগত কাম কৰাৰ ইচ্ছা পুহি ৰাখিছিল । কিন্তু ঘৰৰ একমাত্ৰ সন্তান হোৱা হেতুকে মাকে তেওঁক সেনা বিভাগত কাম কৰাৰ অনুমতি প্ৰদান নকৰিলে ।

সমাজৰ সেৱা কৰি ভালপোৱা আয়াৰে কোভিড-১৯ সংক্ৰমণৰ বেলিকা মানৱ সেৱা কৰাৰ সুবিধা পালে । তেওঁ চ'ছিয়েল মিডিয়াযোগে বিনামূলীয়া চেনিটাইজাৰ প্ৰদানৰ কথা প্ৰচাৰ কৰে । চ'ছিয়েল মিডিয়াৰ পৰা কিছু লোকে গম পোৱাৰ পিছত সমগ্ৰ ভূপাল চহৰতে এই বাৰ্তা বিয়পি পৰে আৰু আয়াৰলৈ ফোন আহিবলৈ আৰম্ভ কৰে । আয়াৰে মটৰ চাইকেল কিনাৰ বাবে ৭০ হাজাৰ টকা যোগাৰ কৰিছিল যদিও অৱশেষত সেই টকা চেনিটাইজাৰ ক্ৰয়ৰ নামত বিনিয়োগ কৰে ।

আৰ্থিক দিশ সম্পৰ্কত আয়াৰে কয় যে, কৰণা নিৰ্মূলৰ ক্ষেত্ৰত লোৱা এই প্ৰচেষ্টাত বিদেশত থকা তেওঁৰ আত্মীয়ই তেওঁক উৎসাহিত কৰিছে আৰু সহায় আগবঢ়াব আশ্বাস দিয়ে । চকেট নগৰৰ নিৱাসী বিনোদ চীতোকা নামৰ লোকজনে জনোৱা মতে, বিজয় আয়াৰে বিগত মাহত বিনোদসহ চকেট নগৰৰ ৪০ টা পৰিয়ালৰ ঘৰ চেনিটাইজ কৰে । লগতে‘কোভিড-১৯ যোদ্ধা’উপাধি পোৱা বিনোদে চহৰখনৰ কণ্টেইনমেণ্ট জন জাহাংগীৰাবাদ অঞ্চলৰো বহুকেইটা পৰিয়ালৰ ঘৰ চেনিটাইজ কৰে ।

লগতে পঢ়ক: মিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী

ABOUT THE AUTHOR

...view details