লুধিয়ানা,6 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে ঐতিহাসিক লুধিয়ানা জুম্মা মছজিদৰ শ্বাহী ইমামে স্থিতি গ্ৰহণ কৰিছে ৷ ইমামগৰাকীয়ে বিজেপি তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকৰ সূত্ৰ নতুনকৈ নিৰূপণ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱা এই বিলখন অসাংবিধানিক আৰু ৰাষ্ট্ৰ অহিতৈষী বুলিও আখ্যা দিয়ে ইমামগৰাকীয়ে ৷ তেওঁ লগতে বিলখনৰ সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰি কয় যে, এই বিলখনৰ নেপাল, ম্যানমাৰ, শ্ৰীলংকা আদি দেশসমূহত থকা ধৰ্মীয় তথা ভাষিক সংখ্যালঘুসকলৰ সন্দৰ্ভত দৃষ্টিভংগী স্পষ্ট নহয় ৷
লুধিয়ানা জুম্মা মছজিদৰ শ্বাহী ইমামৰ কেবৰ বিৰোধিতা - CAB protest
কেব সন্দৰ্ভত বিৰোধী স্থিতিত ঐতিহাসিক লুধিয়ানা জুম্মা মছজিদৰ শ্বাহী ইমাম ৷ কেবক অসাংবিধানিক আৰু ৰাষ্ট্ৰ অহিতৈষী বিল আখ্যা ৷
লুধিয়ানা জুম্মা মছজিদৰ শ্বাহী ইমামৰ কেবৰ বিৰোধিতা