নিউজ ডেস্ক, 17 মে': প্ৰায়ভাগতে কাশ্মীৰ সমস্যাক পাকিস্তানী স্থলসেনাৰ দ্বাৰা প্ৰশিক্ষিত সন্ত্ৰাসবাদী, বিচ্ছিন্নতাবাদী আৰু দুৰ্নীতিগ্ৰস্থ ভাৰতীয় ৰাজনেতাসকলৰ সকলৰ দ্বাৰা সমৰ্থিত আৰু কিছুমান লক্ষ্যভ্ৰস্ত , হাতত বন্দুক তুলি লোৱা মৌলবাদী চিন্তাৰ স্থানীয় যুৱকৰ দ্বাৰা চলি অহা ছায়া যুদ্ধ বুলিয়ে আখ্যা দিয়া হয় ৷ কাশ্মীৰ সমস্যাক লৈ এই ব্যাখ্যা সম্পূৰ্ণ সঠিক নহ'লেও ইয়াক ভুল বুলিও ক'ব নোৱাৰি ৷
জনতাৰ সমৰ্থন অবিহনে কোনো সশস্ত্ৰ বিদ্ৰোহ 30 বছৰে চলি থাকিব নোৱাৰে ৷ দীৰ্ঘদিনীয়া কাশ্মীৰ সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে আমাৰ ফালৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন দুৰ্বল কৰি দিয়া আৰু হিংসাত্মক ঘটনা ৰোধ কৰাৰ লগতে, আমি অসামৰিক ৰাইজৰ ইচ্ছাকো জয় কৰিব লাগিব ৷ আৰু কোনোৱে কাশ্মীৰ সমস্যাক 'সন্ত্ৰাসবাদ'ৰ বিপৰীতে 'বিদ্ৰোহ' বুলি ভুল ব্যাখ্যা আগবঢ়োৱাৰ আগতে, মই স্পষ্ট কৰি দিও যে, সন্ত্ৰাসবাদ হৈছে বিদ্ৰোহৰ এক অংশ ৷
বিদ্ৰোহক দমন কৰাটো 'হৃদয়-মন'ৰ কাম বুলি সততে উল্লেখ কৰা হয় যদিও দৰাচলতে এই বিদ্ৰোহ দমন কৰাটো হৃদয়ৰ পৰিৱৰ্তে মনৰ ওপৰত অধিক প্ৰভাৱ পেলাবলৈ কৰা হয় ৷ আজিৰ সময়ত, য'ত তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ভুৱা বাতৰিৰ এক বৃহৎ অংশ পৰিলক্ষিত হয়, এনে অৱস্থাত আচল কামটো হৈছে সংকটৰ সময়ত স্থানীয় লোকৰ মনবোৰক পৰিৱৰ্তন কৰা ৷ সন্ত্ৰাসবাদী আৰু চৰকাৰ দুয়োৱে তথ্যগত কূটনীতিৰ সহযোগত জনতাৰ সমৰ্থন লাভ কৰি তেওঁলোকক নিজৰ পক্ষত ৰাখিব বিছাৰে ৷ মিলিটাৰীৰ মাজত ইয়াক, ‘information warfare’ নাইবা ‘battle of the narratives’ বুলি আখ্যা দিয়া হয় ৷
এইখন যুদ্ধত ভুৱা বাতৰিৰ সহায় লোৱা সন্ত্ৰাসবাদীসকলে আগবাঢ়ি থাকে ৷ ৱিইনষ্টন চাৰ্চিলে কোৱাৰ দৰে, সঁচা কথাই সন্মতি পোৱাৰ সময়লৈকে এটা মিছা কথা বিশ্বৰ আধা অংশত বিয়পি পৰে ৷ এই কথা তেতিয়া কোৱা হৈছিল যেতিয়া বিশ্বত ৰেডিঅ' আৰু টেলিগ্ৰাফ যোগাযোগৰ মাধ্যম আছিল ৷ আজিৰ দিনত স্মাৰ্টফোনে যোগাযোগৰ ধাৰণাই সলনি কৰি দিছে ৷ মাছাছ্যুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিয়ে 2018 চনত সম্পন্ন কৰা এক সমীক্ষাত শুদ্ধ আৰু নিকা বাতৰিৰ তুলনাত ভুৱা বাতৰিসমূহ 70শতাংশ অধিক ৰূপত ৰিটুইট কৰা হয় বুলি প্ৰকাশ কৰিছিল ৷ ভুৱা বাতৰি সঁচা আৰু শুদ্ধ বাতৰিৰ তুলনাত ছয়গুণ গতিৰে বিয়পি পৰে ৷