নেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ :লেফটেনেন্ট জেনেৰেল মুকুন্দ নৰাবনেই মঙলবাৰে সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিব ৷ জেনেৰেল বিপিন ৰাৱাটে মঙলবাৰে অৱসৰ গ্ৰহণ কৰাৰ লগে লগে এই পদত অধিস্থিত হ'ব নৰাবনে ৷
উল্লেখ্য যে, তিনি বছৰীয়া কাৰ্যকালত সেনা প্ৰধান হিচাপে সেৱা আগবঢ়োৱাৰ পাচতে মঙলবাৰে বিপিন ৰাৱাটে অৱসৰ গ্ৰহণ কৰিব ৷ বৰ্তমান তেওঁক দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেঞ্চ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ আনহাতে, নৰাবনেই বৰ্তমান উপ-সেনা প্ৰধান হিচাপে দায়িত্ব পালন কৰি আছিল ৷
উপ-সেনা প্ৰধান হিচাপে নিযুক্তি লাভৰ পূৰ্বে মুকুন্দ নৰাবনেই সেনাৰ পূৱ কমাণ্ডৰ নেতৃত্ব প্ৰদান কৰিছিল ৷ এই কমাণ্ডে ভাৰত-চীনৰ 4,000 কি.মি. সীমান্তত নেতৃত্ব প্ৰদান কৰে ৷ 37 বছৰীয়া কাৰ্যকালত বহুকেইটা কমাণ্ডক নেতৃত্ব প্ৰদান কৰাৰ লগতে জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৱ ভাৰতত সন্ত্ৰাসবাদ ৰোধৰ বিৰুদ্ধে নেতৃত্ব প্ৰদান কৰি আহিছিল জ্যেষ্ঠ সেনা বিষয়াগৰাকীয়ে ৷
ইয়াৰোপৰি,শ্ৰীলংকাত ভাৰতীয় শান্তি ৰক্ষা বাহিনীৰো তেওঁ অংশ আছিল ৷ লগতে ম্যানমাৰস্থিত ভাৰতীয় দূতাবাসৰ প্ৰতিৰক্ষা বিভাগৰো তেওঁ গুৰু দায়িত্ব পালন কৰিছিল ৷ নেশ্যনেল ডিফেন্স একাডেমী আৰু ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ তেওঁ প্ৰাক্তন ছাত্ৰ আছিল ৷ তেওঁ নাগালেণ্ডত আছাম ৰাইফলছৰ (উত্তৰ) মহা নিৰীক্ষক হিচাপে অৱদান আগবঢ়োৱা বাবে 'Vishisht Seva Medal'লাভ কৰিছিল ৷ ইয়াৰোপৰি, তেওঁ 'Ati Vishisht Seva Medal'সন্মানো লাভ কৰিছিল ৷
আৰু পঢ়ক : ভাৰবৰ্ষৰ প্ৰথম চীফ অফ ডিফেঞ্চ জেনেৰেল বিপিন ৰাৱাট