অসম

assam

ETV Bharat / bharat

নতুন সেনা প্ৰধান হিচাপে মনোজ মুকুন্দ নাৰাৱানেৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় সেনাৰ নতুন সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে মনোজ মুকুন্দ নাৰাৱানে ৷ বিদায়ী সেনাপ্ৰধান জেন. বিপিন ৰাৱাটে মঙলবাৰে অৱসৰ গ্ৰহণ কৰাৰ পাচতে এই পদত অধিস্থিত হয় নাৰাৱানে ৷

By

Published : Dec 31, 2019, 2:02 PM IST

Updated : Dec 31, 2019, 7:37 PM IST

নতুন সেনা প্ৰধান
মুকুন্দ নৰাবনেৰ কাৰ্যভাৰ গ্ৰহণ

নেশ্বনেল ডেস্ক, 31 ডিচেম্বৰঃজেনেৰেল মনোজ মুকুন্দ নাৰাৱানে মঙলবাৰে নতুন স্থলসেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ জেন. বিপিন ৰাৱাটে মঙলবাৰে অৱসৰ গ্ৰহণ কৰাৰ পাচতে দেশৰ 28সংখ্যক স্থলসেনা প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে জেন. মনোজ মুকুন্দ নাৰাৱানে ৷

উল্লেখ্য যে, তিনি বছৰীয়া কাৰ্যকালত সেনা প্ৰধান হিচাপে সেৱা আগবঢ়োৱাৰ পাচতে মঙলবাৰে জেন. বিপিন ৰাৱটে অৱসৰ গ্ৰহণ কৰে ৷ বৰ্তমান তেওঁক দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেঞ্চ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ আনহাতে, সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে নাৰাৱানে উপ-সেনা প্ৰধান হিচাপে দায়িত্ব পালন কৰিছিল ৷

উপ-সেনা প্ৰধান হিচাপে নিযুক্তি লাভৰ পূৰ্বে নাৰাৱানে সেনাৰ পূৱ কামাণ্ডৰ নেতৃত্ব প্ৰদান কৰিছিল ৷ এই কামাণ্ডে ভাৰত-চীনৰ 4,000 কি.মি. সীমান্তত নেতৃত্ব প্ৰদান কৰে ৷ 37 বছৰীয়া কাৰ্যকালত বহুকেইটা কামাণ্ডক নেতৃত্ব প্ৰদান কৰাৰ লগতে জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৱ ভাৰতত সন্ত্ৰাসবাদ ৰোধৰ বিৰুদ্ধে নেতৃত্ব প্ৰদান কৰি আহিছিল জ্যেষ্ঠ সেনা বিষয়াগৰাকীয়ে ৷

ইয়াৰোপৰি, শ্ৰীলংকাত ভাৰতীয় শান্তি ৰক্ষা বাহিনীৰো তেওঁ অংশ আছিল ৷ লগতে ম্যানমাৰস্থিত ভাৰতীয় দূতাবাসৰ প্ৰতিৰক্ষা বিভাগৰো তেওঁ গুৰু দায়িত্ব পালন কৰিছিল ৷

নেশ্বনেল ডিফেন্স একাডেমী আৰু ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ স্নাতকগৰাকীয়ে নাগালেণ্ডত আছাম ৰাইফলছৰ (উত্তৰ) মহা নিৰীক্ষক হিচাপে অৱদান আগবঢ়োৱা বাবে 'Vishisht Seva Medal' লাভ কৰিছিল ৷ ইয়াৰোপৰি, তেওঁ 'Ati Vishisht Seva Medal' সন্মানো লাভ কৰিছিল ৷

আৰু পঢ়ক : নকল সোণ বেচিবলৈ গৈ ৰঙা ঘৰৰ আলহী এজন

Last Updated : Dec 31, 2019, 7:37 PM IST

ABOUT THE AUTHOR

...view details