অসম

assam

ETV Bharat / bharat

ডিআইএ আৰু ডিচিআইডিএছৰ ডিজি নিযুক্ত হ'ব লেফ. জেন. কেজেএছ ধিল্লন - প্ৰতিৰক্ষা বিভাগৰ চোৰাংচোৱা আৰু সংহত প্ৰতিৰক্ষা সংস্থা (চোৰাংচোৱা)

ভাৰতীয় স্থলসেনাৰ ৰাজপুতানা ৰাইফলছৰ কামাণ্ডাৰ তথা সেনাৰ ফিফটিন কোৰৰ প্ৰাক্তন জিঅচি লেফ. জেন. কেজেএছ ধিল্লনক প্ৰতিৰক্ষা বিভাগৰ চোৰাংচোৱা আৰু সংহত প্ৰতিৰক্ষা সংস্থা (চোৰাংচোৱা)ৰ নিৰ্দেশক তথা উপ-মুখ্য হিচাপে নিয়োগ কৰা হ'ব বুলি জনাইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই ৷ সংবাদ প্ৰতিষ্ঠান PTIয়ে এই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰিছে ৷

লেফ. জেন. কেজেএছ ধিল্লন
লেফ. জেন. কেজেএছ ধিল্লন

By

Published : Mar 9, 2020, 9:45 PM IST

নিউজ ডেস্ক, 9 মাৰ্চ : ভাৰতীয় স্থলসেনাৰ এগৰাকী দক্ষ বিষয়া তথা ৰাজপুতানা ৰাইফলছৰ কামাণ্ডাৰ আৰু সেনাৰ ফিফটিন কোৰৰ প্ৰাক্তন জিঅচি লেফ. জেন. কেজেএছ ধিল্লনক প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ গুৰুত্বপূৰ্ণ পদবীত নিযুক্ত কৰাৰ কথা প্ৰকাশ পাইছে ৷ সোমবাৰে প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠান PTIএ ৷

লেফ. জেন. কেজেএছ ধিল্লন

1983 চনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ পৰা স্নাতক লেফ. জেন. কেজেএছ ধিল্লনে নিজৰ দীঘলীয়া কাৰ্যক্ৰমত বহুকেইটা গুৰুত্বপূৰ্ণ অভিযানৰ নেতৃত্ব প্ৰদান কৰিছে ৷ ইয়াৰ ভিতৰত কাশ্মীৰস্থিত সেনাৰ ফিফটিন কোৰৰ দ্বাৰা পৰিচালিত 'Operation Maa', 'Taleem se Taraqqi' আৰু 'Humsaya hain hum' হৈছে অন্যতম ৷ ইয়াৰ উপৰিও তেখেতে জম্মু-কাশ্মীৰৰ মাতৃসকলক প্ৰায়েই তেওঁলোকৰ সন্তানসকলক সন্ত্ৰাসবাদৰ কৱলৰ পৰা আঁতৰত ৰাখিবলৈ অনুৰোধ জনাই আহিছে ৷ সেনাৰ ফিফটিন কোৰৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচতেই তেখেতে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পুলৱামা আক্ৰমণৰ দৰে ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ শেহতীয়াকৈ তেওঁ ফিফটিন কোৰৰ পৰা অব্যাহতি লয় আৰু তেওঁৰ ঠাইত স্থলাভিষিক্ত হয় লেফ. জেন. বিএছ ৰাজু ৷ লেফ. জেন. ধিল্লনে বিশ্বাস কৰা ধৰনেই জম্মু-কাশ্মীৰৰ মাতৃসকলৰ আহ্বান শুনি 50ৰো অধিক স্থানীয় যুৱকে সন্ত্ৰাসবাদ বাদ দি মূলসূঁতিলৈ উভটি আহিছে ৷

লেফ. জেন. কেজেএছ ধিল্লন

প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ সূত্ৰৰ অনুসৰি, অতিকে প্ৰত্যাহ্বানমূলক বিগত বৰ্ষত লেফ. জেন.গৰাকীয়ে বহুকেইটা সফল অভিযানৰ নেতৃত্ব প্ৰদান কৰে ৷ সেয়েহে শেহতীয়াকৈ তেখেতক প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থা (Defence Intelligence Agency, DIA)ৰ নিৰ্দেশক প্ৰধান (Director General, DG) আৰু সংহত প্ৰতিৰক্ষা সংস্থা (Integrated Defence Staff)ৰ উপ-প্ৰধান (Deputy Chief) নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰালয়ে ৷ ইতিমধ্যে তেখেতলৈ এই নিযুক্তি বিষয়ক এখন নিৰ্দেশপত্ৰ প্ৰেৰণ কৰা হৈছে আৰু তেখেতে শীঘ্ৰেই এই স্থানত দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ এই নতুন দায়িত্বত তেখেতে যিকোনো সন্ত্ৰাসবাদমুলক ঘটনাক 100 ঘন্টাৰ ভিতৰত প্ৰত্যুত্তৰ দিয়াৰ লগতে, নিয়ন্ত্ৰণৰেখাত সংঘটিত হৈ থকা ঘটনাৰ প্ৰতিনিয়ত তদাৰক কৰিব ৷

লেফ. জেন. কেজেএছ ধিল্লন

প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থা (Defence Intelligence Agency, DIA) হৈছে দেশৰ একমাত্ৰ চোৰাংচোৱা সংস্থা যিয়ে, সেনাৰ তিনিওটা অংগৰ মাজত প্ৰযুক্তিগত আৰু মানৱ সম্পদৰ ভিত্তিত তথ্যৰ সৰবৰাহ কৰাৰ লগতে অভিযানৰ নেতৃত্ব প্ৰদান কৰে ৷ 1999 চনৰ কাৰ্গিল আগ্ৰাসনত হোৱা ব্যৰ্থতাৰ পিচতেই 2002 চনত DIAক মন্ত্ৰীগোটৰ (Group of Ministers) নিৰ্দেশত গঠন কৰা হৈছিল ৷ শেহতীয়াকৈ ইয়াক নতুনকৈ গঠিত সৈন্য পৰিক্ৰমা বিভাগ (Department of Military Affairs)ৰ অধীনস্থ প্ৰতিৰক্ষা সংস্থা প্ৰধান (Chief of Defence Staff, CDS)ৰ অধীনলৈ লৈ অনা হৈছে ৷ ইয়াৰ উপৰিও এই সংস্থা হৈছে Multi Agency Centre (MAC)ৰ এক অংশ, যিয়ে বিভিন্ন সংস্থাসমূহৰ লগত একেলগে পাকিস্তান অধ্যুষিত কাশ্মীৰ আৰু পাকিস্তানৰ পৰা হোৱা সন্ত্ৰাসবাদীৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ কাম কৰে ৷

ABOUT THE AUTHOR

...view details