1962 চনৰ যুদ্ধত চীনা সৈন্যই পশ্চিম লাডাখৰ 38 হাজাৰ বৰ্গ কিলোমিটাৰ ভূমি দখল কৰিছিল ৷ দুয়োখন দেশৰ সেনাৰ মাজত বিবাদৰ কাৰণ হৈ পৰা এই সীমান্তক প্ৰকৃত নিয়ন্ত্ৰণৰেখা নাম দিয়া হয় ৷ তেতিয়াৰ পৰাই প্ৰকৃত নিয়ন্ত্ৰণৰেখাক নক্সাটো অংকণ নাইবা ভৌগলিকভাৱেও চিহ্নিত কৰা হোৱা নাই আৰু দুয়োপক্ষৰ বাবেই ই বেলেগ বেলেগ স্থানত বেলেগ বেলেগ হোৱা দেখা যায় ৷
নিজৰ নিজৰ দিশ অনুসৰিয়ে চীনা আৰু ভাৰতীয় সেনাই ইয়াত তহলদাৰী কৰে আৰু যি অঞ্চলত ই নিৰ্ধাৰিত নহয় সেই স্থানতে দুয়োপক্ষৰ সেনাই সঘনাই মুখামুখি হয় ৷ এই মুখামুখিসমূহ শান্তিপূৰ্ণভাৱে মোকাবিলা কৰিবলৈ দুয়োপক্ষই কেবাখনো চুক্তি আৰু নিয়মাৱলী স্বাক্ষৰ কৰিছে ৷ উদাহৰণস্বৰূপে, 2013 চনত স্বাক্ষৰিত,"Border Defence Cooperation Agreement"ৰ অষ্টম ধাৰাত উল্লেখ আছে যে,"দুয়োপক্ষই সিদ্ধান্তত উপনীত হয় যে যদিহে দুয়োপক্ষৰ সীমান্ত সুৰক্ষা বাহিনীয়ে মুখামুখি পৰিস্থিতিলৈ আহে,য'ত দুয়োপক্ষৰ মাজত প্ৰকৃত নিয়ন্ত্ৰণৰেখা সম্পৰ্কে কোনো তথ্য আৰু বুজাবুজি নাথাকে,দুয়োপক্ষই নিজৰ মাজত সীমাবদ্ধ থাকি,কোনো যুদ্ধসদৃশ পৰিস্থিতিৰ পৰা আঁতৰত অৱস্থান কৰিব,কোনোধৰণৰ শক্তিৰ ভাবুকি অথবা শক্তি ব্যৱহাৰৰ পৰা আঁতৰত থাকি,ইপক্ষই সিপক্ষৰ ওপৰত বল প্ৰয়োগ কৰাৰ পৰা আঁতৰত থাকিব আৰু কোনোধৰণৰ গুলিচালনা সংঘটিত কৰিব নোৱাৰিব নাইবা সশস্ত্ৰ সংগ্ৰামত লিপ্ত হ'ব নোৱাৰিব ৷" দুয়োপক্ষৰ মাজত নীতিসমূহৰ কঠোৰ প্ৰয়োগে প্ৰকৃত নিয়ন্ত্ৰণৰেখাক শান্তিৰে ৰাখিছিল 1975 চনলৈকে,যেতিয়াই চাৰিগৰাকীকৈ জোৱান সীমা বিবাদত নিহত হৈছিল ৷ শেহতীয়াকৈ মে'ৰ প্ৰথম সপ্তাহত চীনৰ দ্বাৰা সংঘটিত কাণ্ডই ইয়াত পুনৰ উৎকন্ঠা বৃদ্ধি কৰি তুলিছে ৷
পূৰ্বৱৰ্তী লাডাখৰ ভৌগলিক গাঁথনি:
লাডাখক বহু উচ্চ উচ্চতাত অৱস্থিত এখন মৰুভূমি বুলি কোৱা হয় আৰু পূৰ্বৱৰ্তী লাডাখ তিব্বতীয় প্লেটৰ সৈতে অৱস্থিত ৷ পাংগং ছ হ্ৰদ আৰু গালৱান নদী 14 হাজাৰ ফুট উচ্চতাত অৱস্থিত আৰু হট স্প্ৰীং অঞ্চলটো 15 হাজাৰ ফুট উচ্চতাত অৱস্থিত ৷ এই তিনিটা স্থানতেই শেহতীয়াকৈ চীনৰ সৈতে ভাৰতীয় সেনাৰ মুখামুখি হৈছে ৷
মুল সমস্যাৰ উদ্ভৱ হৈছে পাংগং ছ আৰু গালৱান অঞ্চলত ৷ পাংগং ছ হ্ৰদৰ উত্তৰ পাৰত ভাৰত আৰু চীন দুয়োপক্ষৰে প্ৰকৃত নিয়ন্ত্ৰণৰেখাক লৈ বিপৰীত স্থিতি আছে আৰু অতীতত দুয়োপক্ষই নিজৰ নিজৰ অঞ্চল বুলি দাবী কৰা ঠাইত তহলদাৰী কৰিছিল ৷ চীনে দাবী কৰা অনুসৰি, প্ৰকৃত নিয়ন্ত্ৰণৰেখা পইন্ট 4ত, আনহাতে ভাৰতৰ দাবী অনুসৰি, ই পইন্ট 8ত ৷ শেহতীয়াকৈ চীনে শাৰিৰীকভাৱে তেওঁলোকৰ বুলি দাবী কৰা অঞ্চলসমূহত তহলদাৰী আৰম্ভ কৰাৰ লগতে ভাৰতীয় সেনাই আমাৰ বুলি দাবী কৰা অঞ্চলত তহলদাৰী কৰাত বাধা প্ৰদান কৰে ৷
গালৱান ভেলীতপ্ৰকৃত নিয়ন্ত্ৰণৰেখা,বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা বিমানস্থল ডৌলত বেগ অল্ডীলৈ যোৱা এক অন্যতম গুৰুত্বপূৰ্ণ পথৰ পৰা 6 কিলোমিটাৰ দুৰত্বত অৱস্থিত ৷ এইটোৱে হৈছে একমাত্ৰ পথ যিয়ে সকলো বতৰতে ডৌলত বেগ অল্ডীত থকা সৈনিকসকলক সামগ্ৰীৰ যোগান ধৰি অহাত ব্যৱহৃত হৈ আহিছে ৷ এই পথটো দাৰবাকত আৰম্ভ হৈ 255 কিলোমিটাৰ যাত্ৰা কৰি ই ডৌলত বেগ অল্ডীত অন্ত পৰে ৷ ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম 2000 চনত আৰম্ভ হৈছিল যদিও সেনাৰ বাবে ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰিছিল ছায়ক নদীৰ ওপৰত কোনো দলং নথকাৰ বাবে ৷ 2019 চনত ইয়াত এখন স্থায়ী দলং নিৰ্মাণ কৰা হৈছিল আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইয়াক উদ্বোধন কৰিছিল ৷ এই পথটোৱে তাৰ পিচৰে পৰাই সামৰিক গুৰুত্ব লাভ কৰিছিল কিয়নো তেতিয়াৰে পৰাই উত্তৰ লাডাখলৈ সেনাৰ যাতায়ত তথা সামগ্ৰী পৰিবহন ক্ষীপ্ৰ হৈ পৰিছিল ৷