অসম

assam

ETV Bharat / bharat

অসমলৈ "ষ্টাৰ কেম্পেইনাৰ"ৰ সোঁঁত বোৱাব কংগ্ৰেছে

ষ্টাৰ কেম্পেইনাৰৰ তালিকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং , ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকী হাই প্ৰফাইল কংগ্ৰেছী নেতাৰ নাম

ষ্টাৰ কেম্পেইনা"ৰ

By

Published : Mar 27, 2019, 10:58 PM IST

নতুন দিল্লী,27 মাৰ্চ : আগন্তুক নিৰ্বাচনত ভোটাৰক আকৰ্ষণৰ বাবে ভিন্ন দলে গ্ৰহণ কৰিছে ভিন্ন পন্থা ৷ ষ্টাৰ কেম্পেইনাৰেৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা দলসমূহৰ ৷ জাতীয় কংগ্ৰেছে মঙলবাৰে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশ আৰু অসমৰ বাবে ঘোষণা কৰিলে 40 গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰৰ এক তালিকা ৷

অসমলৈ কংগ্ৰেছৰ "ষ্টাৰ কেম্পেইনা"ৰ


ভাৰতীয় জাতীয় কংগ্ৰেছে অসম আৰু উত্তৰ প্ৰদেশৰ বাবে ঘোষণা কৰা তালিকাত আছে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী , কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী , প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙ, প্ৰিয়ংকা গান্ধী , গোলাম নবী আজাদ , হৰিশ ৰাৱাট, শচীন পাইলটকে আদি কৰি 40 গৰাকীকৈ "হাই প্ৰফাইল" কংগ্ৰেছী নেতাৰ নাম ৷

তালিকাখনত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা , প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ , দেৱব্ৰত শইকীয়া ,ড0 ভূমিধৰ বৰ্মণ , ৰাণা গোস্বামী , ভূপেন বৰা , ভূৱনেশ্বৰ কলিতা , ৰাণী নৰহ ,গৌৰৱ গগৈ , সুস্মিতা দেৱ ,ৰকিবুল হুচেইন ,ৰেকিবুদ্দিন আহমেদ ,ৰূপজ্যোতি কুৰ্মী, পৱন সিং ঘাটোৱাৰ , ছিদ্দিক আহমেদ , প্ৰদ্যুত বৰদলৈৰ দৰে অসমৰ জেষ্ঠ কংগ্ৰেছ নেতাসকলৰ নাম অন্তৰ্ভূক্ত হৈছে ৷

উল্লেখযোগ্য যে , অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচন 11 ,18, 23 এপ্ৰিলত অনুষ্ঠিত হ'ব বুলি নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা ইতিমধ্যে ঘোষণা কৰিছে ৷

ABOUT THE AUTHOR

...view details