অসম

assam

আটাৰী-ৱাঘা সীমান্তত পালন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস

By

Published : Jan 26, 2021, 8:48 PM IST

পূৰ্বৰ দৰে এইবাৰো পঞ্জাৱৰ আটাৰী-ৱাঘা আন্তৰ্জাতিক সীমান্তত পালন কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস ৷ কিন্তু সীমান্তত ক'ৰণা মহামাৰীৰ ফলস্বৰূপে দৰ্শকৰ একেবাৰে অনুপস্থিতিত গণৰাজ্য দিৱস পালন কৰা হয় বুলি ভাৰতীয় সেনাৰ এক সুত্ৰই জানিবলৈ দিছে ৷

Low-key Beating Retreat at Attari border
আটাৰী-ৱাঘা সীমান্তত পালন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস

নিউজ ডেস্ক, 26 জানুৱাৰী :পূৰ্বৰ দৰে এইবাৰো পঞ্জাৱৰ আটাৰী-ৱাঘা আন্তৰ্জাতিক সীমান্তত পালন কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস ৷ কিন্তু সীমান্তত ক'ৰণা মহামাৰী ফলস্বৰূপে দৰ্শকৰ একেবাৰে অনুপস্থিতিত গণৰাজ্য দিৱস পালন কৰা হয় বুলি ভাৰতীয় সেনাৰ এক সুত্ৰই জানিবলৈ দিছে ৷

সেনাৰ এক সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, পুৱা 72 তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰা হয় ৷ এই উপলক্ষে সীমান্তত ভাৰত-পাকিস্তানৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু পাকিস্তানৰ ৰেঞ্জাৰ সকলৰ 72 তম গণৰাজ্য দিৱসৰ মিঠাই আৰু শুভেচ্ছাবাণী বিনিময় কৰা হয় বুলি সেনাৰ সুত্ৰই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, জোৱান সকলে পূৰ্বৰ দৰে আনুষ্ঠানিক ড্ৰিল আৰু বিটিং ৰিট্ৰিটৰো আয়োজন কৰে ৷ আটাৰী-ৱাঘা আন্তৰ্জাতিক সীমান্তত মঙলবাৰে সন্ধিয়ালৈ ভাৰতীয় বিএচএফ আৰু পাকিস্তান ৰেঞ্জাৰে চাৰ্জ-আপ ড্ৰিল কৰে ৷

লগতে পঢ়ক : শীৰ্ষ স্থলসেনা বিষয়া লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ ইউৱাইএছএম সন্মান

ABOUT THE AUTHOR

...view details