অসম

assam

ETV Bharat / bharat

দুই প্ৰেমিক ভাটৌৰ কথাৰে...

সকলো চেষ্টা বিফল হোৱাৰ পিচত অৱশেষত ভাটৌটো ধৰিবলৈ সক্ষম হ'ল প্ৰেমিকাৰ সহায়ত ৷ আচৰিত হ'লেও সঁচা কথা ৷ উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ ঘৰত পোহা দুটা ভাটৌৰ মাজত থকা প্ৰেমে সকলোকে আচৰিত কৰি তুলিছে ৷

By

Published : Sep 26, 2019, 5:00 PM IST

এটা প্ৰেমিক ভাটৌৰ কথাৰে...

প্ৰেম আৰু মানৱতাৰ এটা সঁচা কাহিনী ৷ জীৱ জন্তুৰ পৰা মানৱ সমাজলৈ সকলোতে প্ৰেমৰ অস্তিত্বক অস্বীকাৰ কৰিব নোৱাৰি ৷ প্ৰেম সকলোতে আছে ৷ আপোনজনক হেৰুৱাৰ দুখ সহিব পৰাটো যিমান কঠিন, সেই একেদৰে হেৰুওৱা জনক ওভতাই পোৱাৰ যি অনুভূতি সেয়া বুজাব নেৱাৰি ৷

প্ৰেমিক ভাটৌটো

এই দৃশ্য অন্ধ্ৰ প্ৰদেশৰ এটা ৰাজপথৰ ৷ ব্যস্ত ৰাজপথৰ মাজত এজন মানুহে হাতত কাপোৰ লৈ এটা ভাটৌৰ পিচে পিচে গৈছে ৷ কিন্তু হাজাৰ চেষ্টা কৰিও ভাটৌ টো ধৰিব পৰা নাই ৷ সকলো চেষ্টা বিফল হোৱাৰ পিচত অৱশেষত ভাটৌটো ধৰিবলৈ সক্ষম হ'ল প্ৰেমিকাৰ সহায়ত ৷ আচৰিত হ'লেও সঁচা কথা ৷ উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ ঘৰত পোহা দুটা ভাটৌৰ মাজত থকা প্ৰেমে সকলোকে আচৰিত কৰি তুলিছে ৷ বিগত 5 দিন ধৰি সজাৰ পৰা মতা ভাটৌ টো ওলাই যোৱাৰ পিচৰে পৰা খোৱা বোৱা বাদ দিছিল আনটো ভাটৌৱে ৷ বহু কষ্টৰ মূৰত অৱশেষত বৃহস্পতিবাৰে মতা ভাটৌ টো বিচাৰি পাবলৈ সক্ষম হয় যদিও ধৰিব নোৱাৰিলে গৰাকীয়ে বহু চেষ্টা কৰিও ৷ কিন্ত সজাত বন্দী হৈ থকা প্ৰেমিকাক লৈ অহাৰ পিচতে প্ৰেমিকাক বিচাৰি তললৈ নামি আহিল প্ৰেমিক ৷ লগে লগেই বন্দী কৰি দুয়োকে লৈ যায় গৰাকীয়ে ৷ এই দৃশ্যই বহুতৰে মন মুহিলে ৷ অৱশ্যে ভাটৌ টোৰ বাবে বহু সময় যান জট নিয়ন্ত্ৰণ কৰি সুৰক্ষা দিয়ে এগৰাকী কৰ্তব্যৰত কনিষ্টবলে ৷ সেয়ে কয় সঁচা প্ৰেমক কোনেও বাধা দি ৰাখিব নোৱাৰে ৷

ABOUT THE AUTHOR

...view details