ধুবুৰী,5 জুন: কাৰোবাৰ 590 কিলো ওজনৰ গাঞ্জা হেৰাইছে নেকি ? তেনেহ'লে আতংকিত নহ'ব ৷ ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক, তেওঁলোকে আপোনালোকক সহায় কৰিব ৷ ধুবুৰীৰ ছাগলীয়া চেকগেটত 590 কিলো ওজনৰ গাঞ্জা উদ্ধাৰৰ পাছতে অসম আৰক্ষীৰ এইদৰে টুইট ৷
590 কিলো গাঞ্জা হেৰাইছে নেকি আপোনাৰ ? চিন্তিত নহ'বঃ অসম আৰক্ষীৰ টুইট - ETV BHARAT
চাগলীয়া চেকগেটত অসম আৰক্ষীয়ে মংগলবাৰে উদ্ধাৰ কৰে 590 কিলোগ্ৰাম ওজনৰ গাঞ্জা ৷ এই গাঞ্জা উদ্ধাৰৰ পাছতে এক অভিনৱ টুইট অসম আৰক্ষীৰ ৷
টুইটটোত এখন ফটোসহিতে অসম আৰক্ষীয়ে লিখিছে যে,' যোৱানিশা ছাগলীয়া চেকপইন্টত এখন ট্ৰাকত কোনো লোকৰ 590 কেজি গাঞ্জা হেৰাইছে নেকি ? তেনেহ'লে আতংকিত নহ'ব, আমি বিচাৰি পাইছো ৷ অনুগ্ৰহ কৰি ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক তেওঁলোকে সহায় কৰিব ৷ ইয়াৰ লগতে টুইটটোত ধুবুৰী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে অসম পুলিচে ৷ মঙলবাৰে নিশা অসম আৰক্ষীয়ে চলোৱা এক তালাচী অভিযানত গাঞ্জা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ প্ৰায় 50টা কাৰ্টুনত আৰক্ষীয়ে উদ্ধাৰ কৰে গাঞ্জা ৷
উল্লেখ্য যে এইধৰণৰ টুইটৰ বাবে মুম্বাই আৰক্ষী ইতিমধ্যে জনপ্ৰিয়৷ এইধৰণৰ টুইটেৰে যুৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰি থাকে মুম্বাই আৰক্ষীয়ে৷ মুম্বাই আৰক্ষীৰ পদাংক অনুসৰণ কৰিয়ে অসম আৰক্ষীয়েও কৰে এনেধৰণৰ টুইট ৷