নেশ্যনেল ডেস্ক, 6 আগষ্ট:কেনিবেল নহয় যদিও তেওঁলোকৰ নৰমুণ্ড চিকাৰ যে, কোনো অলৌকিক কথা নহয় ৷ নাগালেণ্ডৰ লংৱা গাঁৱৰ কন্যাক জনজাতিৰ লোকসকলে সেইদিনাই শত্ৰুৰ কটা মূৰ লৈ গাঁৱলৈ ঘূৰি আহে ৷
লংৱা এখন সৰু গাঁও ৷ নাগালেণ্ডৰ মোন জিলাৰ সদৰৰ পৰা প্ৰায় 42 কিল'মিটাৰ নিলগৰ এই গাঁওখনৰ অৱস্থান অতি আকৰ্ষণীয় ৷ পাহাৰৰ 1400 মিটাৰ উচ্চতাত ভাৰত-ম্যানমাৰ সীমান্তৰ মধ্যত অৱস্থিত এই গাঁও ৷ 1960 চন পৰ্যন্ত এই অঞ্চলৰ পুৰুষসকলে যেতিয়াই কোনো সংঘৰ্ষত জড়িত হয় তেতিয়াই শত্ৰুপক্ষৰ মূৰ কাটি ঘৰলৈ উভতে ৷ স্থানীয় নিয়ম অনুসৰি, যিগৰাকী লোকে আটাইতকৈ অধিক নৰমুণ্ড সংগ্ৰহ কৰিছে, সিমানেই বেছি তেওঁ সন্মানীয় সেই সমাজত ৷ তেওঁলোকৰ শৰীৰত থকা চিন আৰু শিৰৰ মুকুটে সভ্য সমাজৰ মনত ভয়ৰ সৃষ্টি কৰিব পাৰে ৷ গাঁওখনৰ ঘৰসমূহো সজোৱা হয় পশুৰ কটা মূৰেৰে ৷