নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱে বহুকেইখন গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰেলৰ ভাড়া বৃদ্ধি কৰিছে ৷ সেই অনুসৰি প্ৰতি কিলোমিটাৰত এক পইছা, শ্লীপাৰ ক্লাছত প্ৰতি কিলোমিটাৰত 2 পইছা আৰু 3AC, 2AC আৰু AC ফাৰ্ষ্ট ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত 4 পইছা বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছে ৷
31 ডিচেম্বৰত ৰেল মন্ত্ৰণালয়ে এক নিৰ্দেশ জাৰি কৰিছিল যে, উপ নগৰীয় অঞ্চলসমূহত ভাড়াসমূহ একে থাকিব ৷ আনহাতে, non-AC, non-suburban ভাড়াসমূহ প্ৰতি কিলোমিটাৰত এক পইছাকৈ বাঢ়িব ৷ মেইল/এক্সপ্ৰেছৰ non-AC ত প্ৰতি কিলোমিটাৰত দুই পইছা আৰু AC ক্লাছত চাৰি পইছাকৈ বৃদ্ধি পাব ৷