অসম

assam

ETV Bharat / bharat

লাইনচ্যুত 'লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ' - গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

কটকৰ চালাগাঁও আৰু নেড়গুন্দি ৰে'লৱে ষ্টেচনৰ মাজত লাইনচ্যুত হয় 'লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ' ৰে'লখন ৷ ঘন কুঁৱলীৰ ফলত অজ্ঞাত ৰে'লৰ খুন্দাত সংঘটিত হয় এই দুৰ্ঘটনা ৷

'লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ'
'লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ'

By

Published : Jan 16, 2020, 11:09 AM IST

নেশ্যনেল ডেস্ক, 16 জানুৱাৰীঃ ঘন কুঁৱলীৰ বাবে এখন অজ্ঞাত ৰে'লে খুন্দিওৱাৰ ফলত মুম্বাই-ভুৱনেশ্বৰ অভিমুখী 'লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ' ৰে'লখন, কটকৰ চালাগাঁও আৰু নেড়গুন্দি ৰে'লৱে ষ্টেচনৰ মাজত লাইনচ্যুত হয় ৷

দুৰ্ঘটনাৰ ফলত LTT এক্সপ্ৰেছৰ 8 টা ডবা লাইনচ্যুত হৈ পৰে ৷ ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া আৰু ৰে'লখনৰ চালক, টিটিয়ে এই দুৰ্ঘটনাৰ ফলত কোনো লোকৰ নিহত হোৱা নাই বুলি সদৰী কৰে ৷ যদিও আহত সকলৰ সংখ্যা এতিয়ালৈ অজ্ঞাত হৈ আছে, 4 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে প্ৰায় 30 গৰাকী যাত্ৰী আংশিকভাৱে আহত হোৱা বুলি সদৰী কৰে বিষয়ববীয়া সকলে ৷

লাইনচ্যুত হ'ল 'লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ'

দুৰ্ঘটনাস্থলীত ততাতৈয়াকৈ ৰে'লৱে দুৰ্ঘটনা চিকিৎসাৰ বাহন আহি উপস্থিত হয় ৷ আঘাতপ্ৰাপ্ত সকলক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে ৷ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক প্ৰেৰণ কৰা হৈছে কটকৰ এছচিবি মেডিকেল কলেজ আৰু হস্পিতাললৈ ৷

লগতে পঢ়কঃনিৰ্ভয়া কাণ্ডঃ অটল আদালতৰ ৰায়

ABOUT THE AUTHOR

...view details