নিউজ ডেস্ক, 24 জুলাইঃ মঙলবাৰে সংসদৰ নিম্ন সদনে গৃহীত কৰে যান-বাহন (সংশোধনী) বিধেয়ক, 2019 ৷ দেশৰ পৰিবহন বিভাগত সৃষ্টি হোৱা পাহাৰসম দুৰ্নীতি,পথ সুৰক্ষা,প্ৰযুক্তিগত পথ পৰিচালনাৰ বাবে চৰকাৰে 2017 চনতে উত্থাপন কৰিছিল এই সংশোধনী বিধেয়ক ৷ কিন্তু সদনৰ উচ্চ সদনে গৃহীত নকৰাৰ বাবে বিধেয়কখন পুনৰীক্ষণৰ বাবে নিম্ন সদনলৈ ঘুৰাই পঠোৱা হৈছিল ৷ অৱশেষত মঙলবাৰে অৰ্থাৎ 23 জুলাইত উচ্চ সদনৰ পৰা অহা বিধেয়কখন নিম্ন সদন অৰ্থাৎ লোকসভাই গৃহীত কৰে ৷
লোকসভাত গৃহীত যান-বাহন(সংশোধনী) বিধেয়ক-2019
2017চনৰ এপ্ৰিল মাহত লোকসভাই গৃহীত কৰা যান-বাহন (সংশোধনী) বিধেয়ক, 2019 বুধবাৰে গৃহীত কৰে লোকসভাই ৷
লোকসভাত গৃহীত যান-বাহন(সংশোধনী) বিধেয়ক 2019
ধ্বনি ভোটৰ দ্বাৰা সদনে বিধেয়কখন গৃহীত কৰাৰ উপৰিও বিৰোধীয়ে উত্থাপন কৰা দাবীসমূহো ধ্বনি ভোটৰ দ্বাৰা খাৰিজ কৰা হয় ৷ বিধেয়কখনে সৰ্বসাধাৰণৰ মাজত পথ সুৰক্ষা,যান-বাহন অধিনিয়মৰ লগতে পথ-দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৷