নিউজ ডেস্ক, ২৮ জুনঃ দিল্লীৰ লোক নায়ক হাস্পতালৰ কোভিড-১৯ ICU ৱাৰ্ডত কৰ্মৰত এজন এনেষ্ঠেচিয়া বিশেষজ্ঞ (anesthesia specialist)ৰ কোভিড -১৯ত আক্ৰান্ত হৈ মৃত্যু হয়। দেওবাৰে দিল্লীৰ চকেতস্থিত মেক্স হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বিশেষজ্ঞগৰাকীৰ। হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰে এই তথ্য।
কোভিড-১৯ত আক্ৰান্ত হৈ দিল্লীৰ লোক নায়ক হাস্পতালৰ এনেষ্ঠেচিয়া বিশেষজ্ঞৰ মৃত্যু - দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
দিল্লীত এইপৰ্যন্ত ৮০ হাজাৰ গৰাকীৰ অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰে ৩৩,২১৬ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে ৪৪,০৯৪ গৰাকী লোকে আৰোগ্য লাভ কৰিছে । আনহাতে, এই মহামাৰীৰ ফলত দিল্লীত মৃত্যুমুখত পৰিছে ২,৫৫৮ গৰাকী ৰোগী।
![কোভিড-১৯ত আক্ৰান্ত হৈ দিল্লীৰ লোক নায়ক হাস্পতালৰ এনেষ্ঠেচিয়া বিশেষজ্ঞৰ মৃত্যু Lok Nayak Hospital](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-04:42:55:1593342775-covid-delhi-june281593337993305-100-2806email-1593338004-754.jpg)
দিল্লী চৰকাৰে ১০০ দিন পূৰ্বে লোকনায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতালক কোভিড-১৯ হাস্পতাল হিচাপে ঘোষণা কৰা হৈছিল । হাস্পতালখনত ২০০০ খন বিচনাৰ সুবিধা আছে । তদুপৰি পোনপ্ৰথমবাবে এই হাস্পতালখনতেই আৰম্ভ কৰা হৈছিল প্লাজনা থেৰাপীৰ ব্যৱস্থা। ইতিমধ্যে এই হাস্পতালত চিকিত্সা গ্ৰহণ কৰি বহুসংখ্যক কোভিড-১৯ আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে বুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰে। তদুপৰি ২৫ জুনত হাস্পতালখনত ৰোগীৰ বাবে ভিডিঅ' কল কৰিব পৰা ব্যৱস্থা মুকলি কৰিছিল ৰাজধানী চহৰখনৰ মুখ্যমন্ত্ৰীয়ে।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দিল্লীত এইপৰ্যন্ত ৮০ হাজাৰ গৰাকীৰ অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে ৩৩,২১৬ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে ৪৪,০৯৪ গৰাকী লোকে আৰোগ্য লাভ কৰিছে। আনহাতে, এই মহামাৰীৰ ফলত দিল্লীত মৃত্যুমুখত পৰিছে ২,৫৫৮ গৰাকী ৰোগী।