নেশ্যনেল ডেস্ক, 19 এপ্ৰিল : কৰ'ণা ভাইৰাছ মহামাৰীয়ে সকলোৰে জীৱনলৈ সংশয় নমাই অনাৰ লগতে কিছুমান অঞ্চলত বহু হৃদয় বিদাৰক ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ ভাইৰাছে বিশ্বত বৰ্তমানলৈকে ডেৰ লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ সমান্তৰালে ইয়াৰ ফলত ঘোষণা কৰা লক ডাউনৰ ফলতো সাধাৰণ লোকৰ জীৱনত বহু অন্তৰায় আহি পৰিছে ৷ মহাৰাষ্ট্ৰৰ সিধুদূৰ্গ জিলাতো পৰিলক্ষিত হল এক হৃদয় বিদাৰক দৃশ্য ৷
লক ডাউনৰ পৰিপ্ৰেক্ষিতত স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াত ভিডিঅ' কলৰ জৰিয়তেই উপস্থিত থাকিবলৈ বাধ্য হ'ল এগৰাকী মহিলা ৷ 490 কিলমিটাৰ দুৰত্বত আয়োজিত স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াত সোশৰীৰে উপস্থিত থাকিব নোৱাৰিলে মহিলাগৰাকীয়ে ৷
বৃহস্পতিবাৰে স্বামী চন্দ্ৰকান্তৰ মৃত্যু হোৱাৰ পাচতে দোদামাৰ্গ তহচিলৰ মোৰলে গাঁৱৰ বাসিন্দা বসন্তী বান্দেকাৰে লক ডাউনৰ বাবে স্বামীৰ মৃতদেহ নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ সুবিধাও লাভ নকৰিলে ৷
বসন্তীৰ পুত্ৰ অমিতে এই সম্পৰ্কত কয়, "16 এপ্ৰিলত মুম্বাইত মোৰ দেউতাৰ মৃত্যু হয় ৷ লক ডাউনৰ ফলত তেওঁৰ মৃতদেহ গাঁৱলৈ নিবলৈ কোনো সুবিধা নথকাৰ লগতে মাকো মুম্বাইলৈ আনিব পৰা নগ'ল ৷"