অসম

assam

ETV Bharat / bharat

এছিয়াৰ বৃহত্তম বস্তি "ধাৰাৱী"ত অধিক শক্তিশালী কৰা হ'ল লক্ ডাউন - এছিয়াৰ বৃহত্তম বস্তি মুম্বাইৰ ধাৰাৱী

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ ধাৰাৱী অঞ্চলত আৰক্ষী, স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অধিক শক্তিশালী কৰা হৈছে লক্ ডাউন । আনহাতে বিএমচিৰ ঘৰৰ দুৱাৰে দুৱাৰে খাদ্য সমগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে ।

Lockdown tightened in Mumbai's 'carefree' Dharavi
Lockdown tightened in Mumbai's 'carefree' Dharavi

By

Published : Apr 10, 2020, 10:34 AM IST

নিউজ ডেস্ক, ১০ এপ্ৰিলঃমুম্বাইৰ এখন বস্তিত অধিক শক্তিশালী কৰা হৈছে লক্ ডাউন । এছিয়াৰ সৰ্ববৃহৎ বস্তিটোৱে হৈছে মুম্বাইৰ ধাৰাৱী । এই অঞ্চলত COVID-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰশাসনে ইয়াত লক্ ডাউন অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অঞ্চলটোত ২.২৫ বৰ্গ মিটাৰত বাস কৰে প্ৰায় ১০ টাকৈ পৰিয়ালে । ৰেড জ'ন হিচাপে চিনাক্ত কৰি ফাৰ্মাচীৰ বাদে সকলো দোকান পোহাৰ বন্ধ কৰা হৈছে এই অঞ্চলত ।

আনহাতে সকলো লোকক ঘৰতে ৰাখিবলৈ ব্ৰিহানমুম্বাই পৌৰ নিগম (BMC) য়ে দুৱাৰে দুৱাৰে অত্যাৱশকীয় সামগ্ৰী বিতৰণৰ আঁচনি গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে । ধাৰাৱী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ শিক্ষামন্ত্ৰী বৰ্ষা গাইকোৱাড আৰু ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টপেয়ে হাস্পতাল, কোৱাৰেন্টাইন স্থান সমূহ পৰিদৰ্শন কৰি এই অঞ্চলত ৰাজ্যখনৰ গৃহমন্ত্ৰীক লক্ ডাউন অধিক দৃঢ় কৰাৰ আহ্বান জনায় ।

ধাৰাৱী হৈছে বিশ্বৰ এক অন্য়তম আটাইতকৈ ঠেক ঠাই । প্ৰায় ২০০,০০০ পৰিয়ালে এই অঞ্চলটোত বাস কৰাৰ লগতে কৰ্ম কৰি আহিছে । ইয়াতে প্ৰায় ২০ হাজাৰ সৰু-বৰ উদ্য়োগ গঢ়ি উঠিছে । য'ৰ পৰা বছৰি প্ৰায় ৭ হাজাৰ কোটি টকা কৰ সংগ্ৰহ কৰে চৰকাৰে ।

ধাৰাৱীত বৰ্তমানলৈকে COVID-১৯ ত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩ জন লোক আক্ৰান্ত হৈছে । গতিকে অঞ্চলটোত আহিব পৰা সম্ভাৱনীয় সংকটৰ পৰা মুক্ত কৰিবলৈয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণত উপনীত হৈছে প্ৰশাসন-চৰকাৰ ।

ABOUT THE AUTHOR

...view details