অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত কঠোৰভাৱে লকডাউন ঘোষণা কৰিব লাগেঃ দিলীপ ঘোষ

"তৃণমূল কংগ্ৰেছৰ নেতাসকলে নিজেই লকডাউনৰ নিয়মাৱলী পালন নকৰে, যাৰ বাবে সাধাৰণ ৰাইজেও লকডাইন উলংঘা কৰে। ফলত পশ্চিম বংগত দৈনিক কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে" - বিজেপি নেতা দিলীপ ঘোষ।

দিলীপ ঘোষ
Lockdown should be implemented properly in West Bengal: Dilip Ghosh

By

Published : Jun 25, 2020, 2:15 PM IST

নিউজ ডেস্ক, ২৫ জুনঃ পশ্চিম বংগত সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰাৰ পোষকতা কৰে ৰাজ্যখনৰ বিজেপিৰ সভাপতি দিলীপ ঘোষে। ৩১ জুলাইলৈকে পশ্চিম বংগত লকডাউন ঘোষণা কৰা সন্দৰ্ভত নেতাগৰাকীক সাংবাদিকে সোধা প্ৰশ্নত পশ্চিম বংগৰ জনসাধাৰণে ভালদৰে লকডাউনৰ নিয়মাৱলী পালন নকৰা বুলি উল্লেখ কৰে। ৰাজ্যখনত কঠোৰভাৱে লকডাউন ঘোষণা কৰাৰ লগতে কনটেইনমেণ্ট জ'নসমূহত সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিব লাগে বুলি দিলীপ ঘোষে উল্লেখ কৰে।

"কোভিড-১৯ৰ সংক্ৰমন ৰোধৰ বাবে স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰে এই সন্দৰ্ভত বহুত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে যদিও বাস্তৱ ক্ষেত্ৰত এয়া হোৱা নাই। এই মহামাৰীৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত আমি চৰকাৰক সহযোগিতা আগবঢ়াবলৈ সাজু আছো।" এটা নিউজ এজেঞ্চিৰ সাংবাদিকৰ আগত এই কথা উল্লেখ কৰে পশ্চিম বংগৰ বিজেপি নেতাগৰাকীয়ে।

ইয়াৰ উপৰি, "তৃণমূল কংগ্ৰেছৰ নেতাসকলে নিজেই লকডাউনৰ নিয়মাৱলী পালন নকৰে, যাৰ বাবে সাধাৰণ ৰাইজেও লকডাইন উলংঘন কৰে। যাৰ ফলত ৰাজ্যখনত দৈনিক কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে" বুলি উল্লেখ কৰে দিলীপ ঘোষে।

উল্লেখ্য যে, শেহতীয়াকৈ কোভিড-১৯ত আক্ৰান্ত হৈ এজন তৃণমূল কংগ্ৰেছৰ বিধায়কৰ মৃত্যু হোৱা ঘটনা অতিকৈ দুখঃজনক বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে। ৰাজ্যখনৰ জনসাধাৰণে লকডাউন ভালদৰে মানি নচলে বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক অৱগত কৰা হৈছে বুলিও জনাই দিলাপ ঘোষে।

পশ্চিম বংগ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত ৩১ জুলাইলৈকে লকডাউন বৃদ্ধি কৰা হৈছে। কিন্তু পূৰ্বৰ তুলনাত কিছু শিথিল কৰা হৈছে লকডাউনৰ নিয়ম।

বুধবাৰে ৰাজ্যখনৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অধ্যক্ষতাত কলিকতাত অনুষ্ঠিত হৈছে সৰ্বদলীয় বৈঠক। বৈঠকত কোভিড-১৯ ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত এই সন্দৰ্ভত আলোছনা কৰা হৈছে।

ABOUT THE AUTHOR

...view details